অসম

ভোগালীৰ উচাহৰ মাজতে সতীৰ্থৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

Asomiya Pratidin

ডিজিটেল ডেস্ক : ভোগালীৰ উচাহৰ মাজতেই বশিষ্ঠত সংঘটিত হৈছে উত্তপ্ত পৰিস্থিতি। জানিব পৰামতে চোকা অস্ত্রৰে এজনে আক্রমণ কৰিলে সতীৰ্থক। পংকজ চক্রৱৰ্তী নামৰ এজনক গুৰুলা গুৰুলকৈ প্রহাৰ কৰে সতীৰ্থই।

পোহৰলৈ অহা তথ্যমতে, অৰবিন্দ সিং আৰু কৰণ মাহাটোৰ বিৰুদ্ধে আক্রমণৰ অভিযোগ উত্থাপন হৈছে। উক্ত আক্ৰমণত ভুক্তভোগী পঙ্কজে মুখ, পেট আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়।

উল্লেখযোগ্য যে সুৰাপানৰ ফলতেই কাজিয়াৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে।