অসম

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক এককালীন আৰ্থিক সাহাৰ্য্য বিতৰণ অনুষ্ঠান সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : বালিপৰাৰ খনামুখৰ চানৰাইজ একাডেমী প্ৰাংগনত শুকুৰবাৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ২৩-২০২৪ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীক এককালীন সাহাৰ্য্য বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা গাঁওপঞ্চায়তৰ প্ৰাক্তন সভাপতি দেনেশ্বৰ পাওৰ সভাপতিত্বত অনুষ্ঠিত হয় অনুষ্ঠানটি।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য উমা পাটুৰিয়ে ৷ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ২৬ নং জীয়াভৰলী পৰিষদীয় সদস্য ৰাজু চিন্তে, MMK ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য পদেশ্বৰ মিলি, সমাজ হিতৈষী বটা প্ৰাপক কমিছন মিলি মিচিং জাতীয় মহাসভাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহ সদস্য ৰূপম নৰহ,TMPK ৰ পশ্চিম জীয়াভৰলী আঞ্চলিক সমিতিৰ সভাপতি প্ৰকাশ চিন্তে।

অঞ্চলটোৰ বহুকেইগকী গণ্য মাণ্য ব্যক্তি ও অভিভাৱকসকলৰ উপস্থিতিত আয়োজিত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলক উজ্জ্বল ভবিষ্যত গঢ়াৰ সু দিহাপৰামৰ্শৰে তত্ত্ব গধূৰ মন্তব্য আগবঢ়াই উমা পাটুৰিয়ে ৷ অনুষ্ঠানটিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীক ৫০০০(পাঁচ হেজাৰ) কৈ টকা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীক‌ ৭০০০( সাত হাজাৰ) কৈ টকাৰ এককালীন আৰ্থিক সাহাৰ্য্য বিতৰণ কৰা হয় ।