অসম

লামডিঙত শ্ৰী সত্য সাই সাধনা নিলয়ম বাবাৰ মন্দিৰ উদ্বোধন

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ বুধবাৰে লামডিঙত শ্ৰী সত্য সাই সাধনা নিলয়ম বাবাৰ মন্দিৰৰ শুভ উদ্বোধন হয় । ২০১৭ চনৰ পৰা শ্ৰী সত্য সাই সাধনা নিলয়মৰ ভক্তসকলে বাবাৰ পূজা আৰাধনা কৰাৰ লগতে ধৰ্ম প্ৰচাৰ কৰি আহিছিল । কভিদ ১৯ সময়ছোৱাত বন্ধ হৈ পৰিছিল মন্দিৰৰ কাম কাজ । পৰৱৰ্তী সময়ত লামডিং কালিবাড়ি শান্তিপাৰাত মন্দিৰ নিৰ্মান কৰি আজি বাবাৰ প্রতিমূতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰে ।

বাবাৰ প্ৰাণ প্ৰতিষ্ঠাৰ কৰাৰ উপলক্ষে লামডিং সত্য সাই সাধনা নিলয়ম মন্দিৰ পৰা ধৰ্মীয় শোভাযাএা উলোৱাই ভক্তসকলে । বেদ আৰু যজ্ঞৰে অঞ্চলজুৰি বাবাৰ নামেৰে মুখৰিত হৈ পৰিছে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সত্য সাইৰ শিষ্য সকল আহি উপস্থিত হৈছে বুধবাৰৰ এই অনুষ্ঠানত । আজিৰ এই উদ্ধোধনী অনুষ্ঠানত হৰি -কীৰ্তন, নাম -প্ৰসংগৰে উত্তৰ পূৱ ভাৰতৰ Zonal সভাপতি সত্যেন শৰ্মাই সাই সত্য মন্দিৰ উদ্ধোধন কৰাৰ লগতে এটি কৃষ্ণ মূৰ্তি উন্মোচন কৰে নৰসিংহ দাস ব্ৰহ্মচাৰী দেৱে । গোটেই দিন জোৰা কাৰ্য্যসুচিৰে আৰম্ভ হোৱা এই অনুষ্ঠানত উত্তৰ পূৱ ভাৰতৰ Zonal সভাপতি সত্যেন শৰ্মাৰ লগতে গুৱাহাটী নগাঁও ডিব্ৰগড়ৰ পৰা আদি কৰি বিভিন্ন অঞ্চলৰ পৰা উপস্থিত হৈছে ভক্ত সকল।