অসম

দিন-দুপৰতে চুৰি কাণ্ড

Asomiya Pratidin

ডিজিটেল সংবাদ, ওৰাংঃ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত পাউৰীপোটাত চুৰিকাণ্ড৷ মঙলবাৰে দিন দুপৰতে চোৰে তহিলং কৰিলে পংকজ ডেকা নামৰ লোকজনৰ বাসগৃহ। চোৰে লুটি নিলে নগদ চাৰিলাখ পঞ্চাশ হাজাৰ টকাৰ লগতে সোণৰ আ-অলংকাৰ আৰু মোবাইল ফোন।

ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলালে এই লুটপাট। পংকজ ডেকাৰ পৰিয়াল পূজালৈ বুলি ওলাই যোৱাত ঘৰত কোনো নথকা অৱস্থাত চোৰে সংঘটিত কৰে চুৰিকাণ্ড। চুৰি কাণ্ডৰ সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে কাষ চাপিছে ওৰাং আৰক্ষীৰ। ওৰাং আৰক্ষীয়ে ইতিমধ্যে আৰাম্ভ কৰিছে তদন্ত।