অসম

আছু নেতা দিব্যজ্যোতি মেধিসহ ৩ শতাধিকৰ বিজেপিত যোগদান : সকলোকে দললৈ আদৰণি মন্ত্ৰী পীযুষৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : বুধবাৰে আছুৰ প্ৰাক্তন নেতা দিব্যজ্যোতি মেধিসহ প্ৰায় ৩ শতাধিক সমৰ্থকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। মন্ত্ৰী পীযুষ হাজৰীকাই তেওঁলোক সকলোকে বিজেপি দললৈ আদৰণি জনাই সকলোৰে লগত কাম কৰি যাব বুলি কয়।

দলক শক্তিশালী কৰিবলৈ কাম কৰিব বুলি উল্লেখ কৰি কয়- আমি ৰাজ্যখনৰ বাবে কাম কৰিম, দেশৰ বাবে কাম কৰিম। আজি আমাৰ দলটোৰ বাবে ভাল খবৰ, এয়া সকলোৱে জানে। কিন্তু দলৰ ভাল খবৰ এইবাবেই যে দলে ভাল কাম কৰিছে।

নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্যসমূহতো ৰাজ্যিক চৰকাৰসমূহে খুব ভাল কৰাৰ কাৰণে এই ফলাফল পোৱা গৈছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, মধ্যপ্ৰদেশত বিজেপিৰ চৰকাৰ আছিলেই, ৰাজস্থানত চৰকাৰ নাছিল, ছত্তীশগড়তো বিজেপিৰ চৰকাৰ নাছিল। তাত কংগ্ৰেছে কৰা অপশাসনৰ বাবে তাত কংগ্ৰেছ হাৰিছে, আৰু বিজেপিয়ে জয়লাভ কৰিছে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, নিৰ্বাচনত যেতিয়া আমি জয়লাভ কৰো, ৰাইজৰ প্ৰতি আৰু অধিক দায়বদ্ধ হৈ কাম কৰিবলৈকে প্ৰচেষ্টা চলাব লাগে। তেতিয়াহে দল আগবাঢ়ি যাব, ৰাজ্য বা দেশৰ অগ্ৰগতি হ’ব।

বিভিন্ন দলৰ আৰু বহু কেইগৰাকী নেতাই বিজেপি দলত যোগদান কৰিবলৈ আগ্ৰহী বুলি তেওঁ উল্লেখ কৰে। এই তালিকা যথেষ্ট দীঘলীয়া বুলি উল্লেখ কৰি সময়ত এই তালিকা প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে। যিসকল লোক জাতিৰ প্ৰতি দায়বদ্ধ, দেশৰ প্ৰতি দায়বদ্ধ তেনে লোকসকলক পৰ্যায়ক্ৰমে তেওঁ দলত যোগদান কৰাব বুলি কয়।

মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক পুনৰ তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ টিকট প্ৰদানৰ নামত প্ৰাৰ্থীৰ পৰা লাখ টকা সংগ্ৰহ কৰি দুৰ্নীতি কৰি আছে। ২০০ প্ৰাৰ্থীৰ পৰা টিকট দিয়াৰ নামত দুই কোটি টকা সংগ্ৰহ কৰিব, এইটো তেওঁলোকৰ এটা ডাইৰেক্ট স্কেম।