মানকাচৰত ৰেচন কাৰ্ডৰ পৰা বঞ্চিত ৯ সহস্ৰাধিক লোকঃ জিলা উপায়ুক্তলৈ আৱেদন... 
অসম

মানকাচৰত ৰেচন কাৰ্ডৰ পৰা বঞ্চিত ৯ সহস্ৰাধিক লোকঃ জিলা উপায়ুক্তলৈ আৱেদন...

Asomiya Pratidin

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ঝাউডাঙা গাঁও পঞ্চায়তত মুঠ জনসংখ্যাৰ ৯ সহস্ৰাধিক লোক ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ থকাৰ ফলত স্থানীয় শতাধিক ৰাইজে পঞ্চায়তখনত পৰ্যাপ্ত ৰেচন কাৰ্ডৰ অনুমোদন দিয়াৰ দাবীত জিলা উপায়ুক্তক এখন লিখিত আবেদন প্ৰদান কৰিছে।

উল্লেখযোগ্য যে ২০১১ চনৰ লোকপিয়লৰ অনুসৰি ঝাউডাঙা গাঁও পঞ্চায়তত মুঠ ১৪৬১৩ গৰাকী দৰিদ্ৰ লোক বসবাস কৰে। ইয়াৰ ভিতৰত ২০১৩ চনত মুঠ জনসংখ্যাৰ পৰা মাত্ৰ ৫৯৪৬ গৰাকী লোকৰ নামত ১৪৭৫ টা ৰেচন কাৰ্ড পঞ্চায়তখনৰ অধীনত হিতাধিকাৰী পৰিয়ালক প্ৰদান কৰা হৈছে।

বিপৰীতে ৮৬৬৭ গৰাকী দৰিদ্ৰ লোক ২০১৩ চনৰ পৰাই ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। ইফালে বৰ্তমানে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত নুতনকৈ ৰেচন কাৰ্ডৰ অনুমোদন প্ৰদান কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন পঞ্চায়তৰ অধীনত ২০১১ চনৰ লোকপিয়ল মতে বাদ পৰা লোকক হিতাধিকাৰী হিচাপে বাচনি কৰি নতুন ৰেচন কাৰ্ড অনুমোদন দিয়াৰ ব্যৱস্থা গ্ৰহন কৰিছে।

চৰকাৰে পুনৰ নতুনকৈ ৰেচন কাৰ্ড অনুমোদন দিয়াৰ ব্যৱস্থা গ্ৰহন কৰাত ঝাউডাঙাবাসী ৰাইজ উৎফুল্লিত হৈ পঞ্চায়ত প্ৰতিনিধিৰ ঘৰত প্ৰতিদিনে ভিৰ কৰি ৰেচন কাৰ্ডৰ বাবে দাবী জনাই হুলস্থলীয়া পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। কিন্তু পৰিতাপৰ বিষয় এয়া যে, ঝাউডাঙা পঞ্চায়তত বাদ পৰি থকা ৮৬৬৭ গৰাকী লোকৰ বিপৰীতে মাত্ৰ ১১৩ টা পৰিয়ালক ৰেচন কাৰ্ডৰ সুবিধা প্ৰদান কৰাৰ বাবে অনুমোদন দিয়া হৈছে।

ফলত পঞ্চায়ত প্ৰতিনিধি এক প্ৰকাৰে বিপাঙত পৰা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি পঞ্চায়ত সভাপতি বছিৰুল ইছলামসহ স্থানীয় দুই শতাধিক বঞ্চিত দৰিদ্ৰ লোকক লৈ সোমবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ উপায়ুক্তক এখন লিখিত আবেদন প্ৰদান কৰে।

পঞ্চায়তখনত কমেও ৪৫০ টা নতুনকৈ ৰেচন কাৰ্ডৰ ব্যৱস্থা গ্ৰহণ কৰিলেহে অধিকাংশ দৰিদ্ৰ লোক ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব বুলি উপায়ুক্তক লিখিত ভাবে আবেদন জনায় । অন্যথায় ২০১৩ চনৰ পৰা বঞ্চিত হৈ অহা লোকসকলৰ অধিকাংশ লোক এইবেলিও ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা বঞ্চিত হ'ব।

লক্ষণীয় যে, জিলাখনত কেৱল ঝাউডাঙা গাওঁ পঞ্চায়তে নহয়, প্ৰতিটো গাওঁ পঞ্চায়তৰ অধীনত হেজাৰ হেজাৰ লোক, দৰিদ্ৰ পৰিয়াল ৰেচন কাৰ্ড নোপোৱাত তেওঁলোক চৰকাৰী সূলভ মুল্যৰ সুবিধা লাভ কৰিব পৰা নাই। চৰকাৰে জিলাখনৰ এনে বঞ্চিত লোকৰ বাবে পৰ্যাপ্ত পৰিমানে ৰেচন কাৰ্ডৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'বনে ?