অসম

৬৭তম নেচনেল স্কুল গেমছত জিলিকিছে অসমৰ পাহি বৰা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ৬৭তম" নেচনেল স্কুল গেমছত"সাঁতোৰত জিলিকিছে অসম এগৰাকী ছাত্ৰী ৷ দিল্লীৰ কেন্দ্ৰীয় বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি অসমৰ পাহি বৰাই সাঁতোৰৰ ১০০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰোকত ৰূপৰ পদক আৰু ২০০ মিটাৰত ব্ৰঞ্জৰ অৰ্জন কৰে।

দিল্লীৰ ড০ শ্য়ামা প্ৰসাদ মুখাৰ্জী,কেন্দ্ৰীয় বিদ্য়ালয়ক" নেচনেল স্কুল গেমছ" ত প্ৰতিনিধিত্ব কৰি সাঁতোৰত জিলিকিছে অসমৰ এগৰাকী ছাত্ৰী ৷ দেউতাকৰ চাকৰি সূত্ৰে তেজপুৰৰ পৰা আহি দিল্লীৰ তালকতৰা ষ্টেডিয়ামত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা পাহি বৰাই ৬৭তম" নেচনেল স্কুল গেমছত সাঁতোৰৰ ১০০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰোকত ৰূপৰ পদক আৰু ২০০ মিটাৰত ব্ৰঞ্জৰ অৰ্জন কৰে। দিল্লীৰ তালক'টৰা স্টেডিয়ামত প্ৰশিক্ষক পাৰ্থ মজুমদাৰৰ অধীনত সাঁতোৰৰ প্ৰশিক্ষণ গ্ৰহন কৰি থকা পাহিৰ প্ৰদৰ্শনক লৈ খুবেই আশাবাদী প্ৰশিক্ষকগৰাকী ৷

আনহাতে,নৱম শ্ৰেণীৰ ছাত্ৰী পাহি বৰাই" নেচনেল স্কুল গেমছৰ" সফলতাক অনুপ্ৰেৰণা হিচাপে গ্ৰহণ কৰিছে ৷ পাহিৰ সপোন দেশক অলিম্পিকত প্ৰতিনিধিত্ব কৰাৰ ৷ নেচনেল স্কুল গেমছত সফলতাৰ পিছত এতিয়া পাহি ব্যস্ত "খেলো ইণ্ডিয়া" ৰ বাবে ৷ নিজৰ সপোনৰ লক্ষ্যত উপনীত হ'বলৈ পাহি বৰাই প্ৰচেষ্টা অব্যাহত ৰাখক ৷