অসম

আজমলৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাইৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ ৰাম মন্দিৰ শুভ উদ্বোধন কালত ৰেলত মুছলমান লোক সকল যাব নালাগে বুলি বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাইৰ। তেওঁ কয়, বদৰুদ্দিনৰ এই মন্তব্য উদ্দেশ্য প্ৰণোদিত, ৰাজনৈতিক আৰু সম্প্ৰদায়িক বুলি কয়।

বিশ্বনাথত বিশেষ কাৰণত উপস্থিত থকা জাতীয়তাবাদী নেতা গৰাকীয়ে কয় যে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে হিন্দু লোক সকল গৈ থকা অৱস্থাত কোনো মুছলমানক টাৰ্গেত নকৰে। কিয়নো আইন কানুন, আৰক্ষী প্ৰশাসন আছে। বদৰুদ্দিন আজমল হ'ল সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি সমাজখনক কলুষিত কৰা এজন ব্যক্তি।

ইফালে 'হিট এণ্ড ৰান' সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পলাশ চাংমাইয়ে। তেওঁ কয়, " পথ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণক যি দৰে সজাগ কৰিব লাগিছিল, যি সকলক প্ৰশিক্ষণ দিব লাগিছিল সেই বিলাকৰ অভাৱ পৰিলক্ষিত হৈছে। আমাৰ ৰাজ্যত পথ সুৰক্ষাৰ সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পাঠ্যক্ৰম হোৱা নাই। আৰক্ষীয়ে হেলমেট পৰিধান নকৰিলে অথবা গাড়ীৰ চিল্ট বেল্ট নামাৰিলে জৰিমনা লৈছে। ৰাজ্যত পথ সুৰক্ষা বিষয়টো কেৱল জৰিমনাতে আৱদ্ধ আছে।"

আনুষ্ঠানিক শিক্ষানুষ্ঠান সমুহত পথ সুৰক্ষাৰ পাঠ্যক্ৰমৰ পোষকতা কৰি চাংমাইয়ে কয় যে ভাৰত চৰকাৰে যি আইন প্ৰণয়ন কৰিবলৈ গৈ আছে সেই সন্দৰ্ভত চালক আৰু মালিক সকলৰ লগত আলোচনা কৰি সহমতত আহিলে ভাল হয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।