অসম

ৰঞ্জিত দত্তৰ সম্বৰ্ধনা সভাত উপস্থিত নহ'ল পল্লৱলোচন দাস

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালী : বিহালীৰ চাৰিবাৰৰ বিধায়ক ৰঞ্জিত দত্ত শোণিতপুৰৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ লগে-লগে বিধায়ক শূণ্যত পৰিণত হ'ল বিহালী সমষ্টি ৷ তেনে পৰিপ্ৰেক্ষিতত বিহালীত ''কেয়াৰ টেকাৰ'' হ'বলৈ মন মেলিছে বিহালীৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত দত্তই ৷

বিহালীত উপ নিৰ্বাচন নহ'লে চৰকাৰী কাম কাজত বাধাৰ সৃষ্টি যাতে নহয় তাৰ বাবে ''কেয়াৰ টেকাৰ'' বিধায়ক হিচাপে দায়িত্ব ল'ব বুলি মত প্ৰকাশ কৰিছে ৰঞ্জিত দত্তই । মুখ্যমন্ত্ৰীয়ে ৰাজ্যত উপ-নিৰ্বাচন হ'বনে নে নহয় তাৰ নিশ্চয়তা নাই বুলি মন্তব্য কৰাৰ পিছতেই বিহালীত অনুষ্ঠিত দলীয় সভাত অংশগ্ৰহন কৰি বিহালীৰ "কেয়াৰ টেকাৰ বিধায়ক'' হোৱাৰ বাসনা পূৰণৰ ফৰ্মূলা সম্পৰ্কে বাখ্যা আগবঢ়াইছে সাংসদ ৰঞ্জিত দত্তই।

ৰাজ্যত উপ-নিৰ্বাচন অনুষ্ঠিত নহ'লে বিহালীৰ ''কেয়াৰ টেকাৰ এমএলএ'' (পৰিচৰ্যাকাৰী বিধায়ক) হৈ থাকি সমষ্টি চলোৱাৰ হেঁপাহ সাংসদ ৰঞ্জিত দত্তৰ ৷ কাৰ্যতঃ কোনো কাৰণতে বিহালী ৰাজনীতি এৰাৰ পক্ষত নাই ৰঞ্জিত দত্ত ৷

আনহাতে বিহালীত ৰঞ্জিত দত্ত আৰু পল্লৱলোচন দাসৰ যুঁজৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই উপ-নিৰ্বাচন অনুষ্ঠিত নহ'ব পাৰে বুলি কৰা বক্তৱ্য সন্দৰ্ভতো বিহালীত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ উপ-নিৰ্বাচন সম্পৰ্কীয় বক্তৱ্যৰ সন্দৰ্ভত জাঙুৰ খাই উঠিছে চিপিআই(এম-এল) দল ৷

মুখ্যমন্ত্ৰী শৰ্মাই উপ-নিৰ্বাচনত বাধা দিলে আইন- আদাললৈ যাব বিৰোধী দল চিপিআই(এম-এল) ৷ প্ৰয়োজন হ'লে বিৰোধী CPI(ML) দলে জনগণক লগত লৈ ৰাজপথত আন্দোলন চলাোৱাৰ কথাও সদৰী কৰিছে ৷ যদি মুখ্যমন্ত্ৰীয়ে উপ-নিৰ্বাচন অনুষ্ঠিত হেৱাত বাধা দিয়ে , তেনেহ'লে ৰাজপথত আন্দোলন চলোৱাৰ উপৰি আইন-আদালতলৈ যোৱাৰ হুংকাৰ দিছে চিপিআই(এম-এল)নেতা বিবেক দাসে ৷

ইফালে বিহালীত পল্লৱলোচন দাসৰ ''ৰাজ্যিক সভাপতিক হৰুৱাৰ ট্ৰেক ৰেকৰ্ড''কলৈ কৰা মন্তব্যই বিজেপি মহলত সৃষ্টি হৈছে জোঁকাৰণি। পল্লৱলোচন দাসৰ ৰাজ্যিক সভাপতিক হৰুৱাৰ ট্ৰেক ৰেকৰ্ডৰ বাখ্যাত জ্বলি পকি উঠিছে খোদ ৰঞ্জিত দত্ত ৷

কাৰণ বিগত ২০১১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিহালী সমষ্টিৰ মনোনীত প্ৰাৰ্থী হিচাপে সেইসময়ৰ ৰাজ্যিক সভাপতি পদ বহন কৰি থকা বিহালীৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক ভোটত পৰাভূত কৰিছিল ৷ বিগত ২০১১ চনত পল্লৱলোচন দাসে ৰঞ্জিত দত্তক পৰাভূত কৰাৰ ক্ষোভ পাহৰিব পৰা নাই ৷

ফলত ৰঞ্জিত দত্ত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দত্ত আৰু বৰ্তমানৰ ৰাজ্যিক বিজেপি সম্পাদক পল্লৱলোচন দাসৰ মাজত প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিষয়ত যুঁজ দেখা গৈছে ৷ সম্প্ৰতি বিহালীত প্ৰাক্তন বিধায়ক , সাংসদ পল্লৱলোচন দাস আৰু বিহালীৰ প্ৰাক্তন বিধায়ক তথা নৱ নিৰ্বাচিত সাংসদ ৰঞ্জিত দত্তৰ মাজত চলা যুঁজখন গৰম হৈ পৰিছে ৷

শেহতীয়াকৈ ৰঞ্জিত দত্তই চাহজনগোষ্ঠীৰ নেতা পল্লৱলোচন দাসক ৰুধিবলৈ বিহালীত নমাইছে জিলাখনৰ এগৰাকী প্ৰবীণ চাহ জনগোষ্ঠীয় নেতাক ৷ চৰ্চা অনুসৰি ৰঞ্জিত দত্তৰ ইংগিতত বিহালীৰ তিনি মণ্ডলৰ ক্ৰমে- বিহালী ,বাঘমৰা আৰু বূৰৈ মণ্ডল বিজেপিয়ে প্ৰতক্ষ্যভাৱে প্ৰাৰ্থিত্বৰ বাবে সমৰ্থন দিছে প্ৰবীণ চাহ জনগোষ্ঠীয় বিজেপি নেতা তথা বিজেপিৰ জিলা সভাপতি দিগন্ত ঘাটোৱাৰক ৷

ৰঞ্জিত দত্তই পল্লৱলোচন দাসক প্ৰতিৰোধ কৰিবলৈ সমষ্টিটোত চাহজনগোষ্ঠীৰ নেতা তথা বিশ্বনাখ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰক বৰপীড়া পাৰি দিছে বুলি চৰ্চা চলিছে ৷ চৰ্চা অনুসৰি পল্লৱ লোচন দাসক ৰুধিবলৈ ৰঞ্জিত দত্তই বিহালীত নেতা দিগন্ত ঘাটোৱাৰক নমাইছে ৷ পল্লৱ লোচন দাস, জয়ন্ত বৰা, চিৰঞ্জীৱ পাঠক আৰু নৃপেন শইকীয়াৰ পিছত এইবাৰ বিহালীত নামিছে দিগন্ত ঘাটোৱাৰ ৷

ইপিনে বিহালীত পল্লৱলোচন দাসে প্ৰাৰ্থিত্ব নিশ্চিত বুলি যিমানেই জোৰদাৰ প্ৰচাৰ চলাইছে সিমানেই গৰম হৈ পৰিছে বিহালীৰ ৰাজনীতি ৷ সমান্তৰালভাৱে বিহালী বিজেপিৰ ৩ টা মণ্ডলে ঘনে-ঘনে সলনি কৰিছে ৰাজনৈতিক কৌশল ৷

ইফালে দিল্লীৰ ৰঙা দলিচাত ভৰি থৈও যেন সুখী হ'ব পৰা নাই নৱ নিৰ্বাচিত সাংসদ ৰঞ্জিত দত্ত ৷ বিহালীৰ মায়া-মোহত বন্দী দত্তই পল্লৱলোচন দাসৰ হাতত গতাব বিচৰা নাই বিহালীৰ শাসন বাঘজৰী ৷ ইপিনে পল্লৱলোচন দাসেও বিহালীত উপ-নিৰ্বাচন খেলাত আঁকোৰগোজ পৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্যযোগ্য যে ,যোৱা ১৯ জুনত বিহালীৰ বৰগাংস্থিত ''শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহত'' শোণিতপুৰ সংসদীয় সমষ্টিৰ নৱ নিৰ্বাচিত ৰঞ্জিত দত্তক বিহালী বিধানসভা সমষ্টিৰ তিনি মণ্ডল বিজেপিয়ে আয়োজন কৰিছিল সম্বৰ্ধনা অনুষ্ঠান ৷ সমষ্টিটোৰ সহস্ৰাধিক দলীয় নেতা-কৰ্মী উপস্থিত থকা সম্বৰ্ধনা সভাত নৱ নিৰ্বাচিত সাংসদ ৰঞ্জিত দত্তক ফুলাম গামোছা, মানপত্ৰ, জাপিৰে সম্বৰ্ধনা জনায় ৷

তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল প্ৰাক্তন সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস গৃহ সমষ্টিত উপস্থিত থকাৰ পিছতো সম্বৰ্ধনা সভাত উপস্থিত নহ'ল ৷ আনহাতে , বিহালী বিজেপিয়ে আয়োজন কৰা সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি ৰঞ্জিত দত্তই দলীয় নেতা- কৰ্মীৰ সন্মুখত প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাসক সমালোচনাৰে থকা-সৰকা কৰে বুলি এক সূত্ৰত প্ৰকাশ ৷