বিতৰ্কিত শিক্ষয়িত্ৰী গায়ত্ৰীক লৈ ভূ-মাফিয়াৰ ৰূপত পৱন আগৰৱালা... 
অসম

বিতৰ্কিত শিক্ষয়িত্ৰী গায়ত্ৰীক লৈ ভূ-মাফিয়াৰ ৰূপত পৱন আগৰৱালা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিজকে সমাজকৰ্মী আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী ৰূপে প্ৰচাৰ কৰা পৱন আগৰৱালাৰ শেহতীয়া কৰ্মকাণ্ডই ব্যৱসায়ীগৰাকীৰ আচল স্বৰূপ উদঙাই দিছে। আন ব্যৱসায়ীৰ লগতে বিল্ডাৰ হিচাপেও মহানগৰীৰ বিভিন্ন স্থানত ফ্লেট নিৰ্মাণেৰে জড়িত এইগৰাকী পৱন আগৰৱালাই ভূমাফিয়া ৰূপত আত্মপ্ৰকাশ কৰিছে।

২০১৪ চনতেই ৰাজকুমাৰ বৈশ্য নামৰ এজন লোকে চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন হোৱাত পৈতৃক সূত্ৰে লাভ কৰা গুৱাহাটী মহানগৰীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ বিপৰীতে থকা বিষ্ণুৰাভা পথৰ একঠা পাঁচ লোচা মাটি ফ্লেট নিৰ্মাণৰ বাবে দিছিল পৱন আগৰৱালাক। আগৰৱালাৰ সৈতে হোৱা চুক্তি অনুসৰি এই মাটিত ফ্লেট নিৰ্মাণ কৰাৰ পাছত বৈশ্যৰ সেই স্থানত থকা তিনি লোচা মাটি দখল কৰে বিল্ডাৰগৰাকীয়ে।

প্ৰাপ্ত অভিযোগ মতে চুক্তি অনুসৰি এই ফ্লেটৰ পিছফালে থকা সম্পূৰ্ণ এলেকা বৈশ্যৰ নামত পঞ্জীয়ন আছে। আনহাতে সন্মুখৰ এলেকা বিল্ডিঙৰ পাৰ্কিঙৰ বাবে পঞ্জীয়নভুক্ত হৈছিল। সেই চুক্তি ভংগ কৰি ৰাজকুমাৰ বৈশ্যৰ নামত থকা অংশটোত ফ্লেটত থকা আন আবাসীৰ গাড়ী পাৰ্কিঙৰ বাবে বিচাৰি প্ৰথমে হাৰাশাস্তি কৰিছিল পৱন আগৰৱালাই।

বিগত সাত বছৰে প্ৰমোদ জৈন নামৰ আবাসী এজনৰ এ এছ ০১ বি এছ ০০১ নম্বৰৰ গাড়ীখন বৈশ্যৰ স্থানত ৰখাই থৈছে জোৰ জৱৰদস্তি। তাৰ পাছত গায়ত্ৰী শইকীয়া নামৰ আন এগৰাকী মহিলা আবাসীক আন এটা পাৰ্কিং দিবলৈ জোৰ কৰে আৱৰৱালাই। উল্লেখযোগ্য যে, নীতিবৰ্হিভূত ভাৱে বৈশ্যই সেই স্থান এৰিবলৈ প্ৰস্তুত নোহোৱাত পৌৰ নিগমক এক অভিযোগ দাখিল কৰে মহিলাগৰাকীয়ে।

গ্ৰাউণ্ড ফ্ল'ৰত থকা বৈশ্যৰ নামত থকা পুঁথিভৰালটোৰ অবৈধ ভাবে নিৰ্মাণ কৰা বুলি দিয়া অভিযোগৰ পাছত জি এম চিৰ তদন্তত পোহৰলৈ আহে ছটা ফ্লেট থকা এই বিল্ডিঙটোত তলৰ পুঁথিভৰালটোকে ধৰি ১২৭০ বৰ্গ ফুট এলেকা অবৈধভাৱে নিৰ্মাণ কৰা হৈছে। প্ৰতিটো ফ্ল'ৰতে ৪২৫ বৰ্গফুটকৈ অবৈধভাৱে নিৰ্মাণ কৰিছিল বিল্ডাৰ পৱন আগৰৱালাই।

যিগৰাকী মহিলাৰ সৈতে মিলি আগৰৱালাই চুক্তি ভংগৰে পাৰ্কিং বিচাৰি বৈশ্যক হাৰাশাস্তি কৰিছে তেওঁ এগৰাকী শিক্ষয়িত্ৰী। কিছু দিনৰ পূৰ্বে গায়ত্ৰী শইকীয়া নামৰ এই শিক্ষয়িত্ৰীগৰাকীৰ দৰমহাৰ তথ্য বিচাৰি চি বি আইয়ে জাননী প্ৰেৰণ কৰিছিল গুৱাহাটীৰ ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষলৈ।

লক্ষ্যণীয় যে, ২০১১ ত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৰে'লৱেৰ উপ-মুখ্যঅভিযন্তা হেমচন্দ্ৰ বৰা। তেওঁৰে পত্নী এই গায়ত্ৰী শইকীয়া। যিগৰাকী শিক্ষয়িত্ৰীৰ বেংক একাউণ্টত ৭০ লাখ টকাৰ লেনদেনৰ তথ্য চি বি আইয়ে লাভ কৰিছিল।

অনুমান কৰা হৈছে স্বামীৰ ক'লা ধন জমা হৈছিল শিক্ষয়িত্ৰী পত্নীৰ একাউণ্টত। পৱন আগৰৱালাৰ সৈতে মিলি বিভিন্ন সামাজিক কামেৰে জড়িত ৰাজকুমাৰ বৈশ্যৰ মাটি দখলকে ধৰি তেওঁ ফ্লেট নিৰ্মাণ কৰিবলৈ দিয়া স্থানত চুক্তি ভংগ কৰা মহিলাগৰাকীয়ে বৈশ্যক প্ৰাণ নাশৰ ভাবুকি দিয়াৰো অভিযোগ উঠিছে।

২৯ জুলাই ২০২৪ আৰু ০৭ আগষ্ট ২০২৪ ত দুবাৰকৈ বিল্ডাৰ পৱন আগৰৱালাই ভাড়াতীয়া গুণ্ডাৰ হতুৱাই বৈশ্যক প্ৰাণ নাশৰ ভাবুকি দিছিল। এই সন্দৰ্ভত দিছপুৰ আৰক্ষী আৰু আৰক্ষী আয়ুক্তকো তেওঁ সাক্ষাৎ কৰি এজাহাৰ দাখিল কৰিছে।

বৈশ্যই অভিযোগ কৰা মতে পৱন আগৰৱালা আৰু এইগৰাকী মহিলাৰ বিৰুদ্ধে এই পৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই। সমাজ সেৱকৰ মুখা পিন্ধা পৱন আগৰৱালাৰ কাহিনী ইয়াতেই শেষ হোৱা নাই।

বাহিৰত ভদ্ৰ লোক আগৰৱালাৰ বিৰুদ্ধে মাটি দখল, অবৈধভাৱে ফ্লেট নিৰ্মাণ, প্ৰাণ নাশৰ ভাবুকি আদি অভিযোগেই নহয়, তেওঁৰ বিৰুদ্ধে আছে ইয়াতকৈ গুৰুতৰ অভিযোগ। অসমীয়া প্ৰতিদিন ডিজিটেলত এইগৰাকী অনাঅসমীয়া ব্যৱসায়ীৰ সেই আঁৰৰ কাহিনী প্ৰকাশ কৰা হ'ব ধাৰাবাহিকভাৱে।