অসম

ৰঙিয়াত ৰে'ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়া : ৰঙিয়া নগৰৰ মাজমজিয়াত এখন গুৰুত্বপূৰ্ণ ৰে'ল গেট বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে। শেহতীয়াকৈ ৰেল বিভাগৰ পৰা জাৰি কৰা জাননীত ৰঙিয়াৰ গুৰুত্বপূৰ্ণ এটা ৰেল গেট SK13 বন্ধ কৰাৰ নিৰ্দেশনা আগবঢ়োৱাক লৈ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কিয়নো উক্ত পথেৰে ৰঙিয়া নগৰলৈ ভিন্ন প্ৰান্তৰ পৰা সৰ্বসাধাৰণ লোকৰ লগতে নগৰখনৰ প্ৰায়বোৰ শিক্ষানুষ্ঠানলৈ ছাত্ৰ ছাত্ৰী আহ যাহ কৰে। গুৰুত্বপূৰ্ণ গেটটো বন্ধ কৰাৰ ফলত বহু ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে।

এনে এক জনবিৰোধী সিদ্ধান্তৰ বিপৰীতে ৰেলৱে বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছ ,চিপিআই এম কে ধৰি বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় লোকে।