বিধায়ক দিগন্ত কলিতাৰ বাবেই বিয়া নোহোৱাকৈ থাকি যাব এখন গাঁৱৰ ছোৱালী ! 
অসম

বিধায়ক দিগন্ত কলিতাৰ বাবেই বিয়া নোহোৱাকৈ থাকি যাব এখন গাঁৱৰ ছোৱালী !

বাৰে বাৰে কোৱাৰ পিছতে নিৰ্মাণ কৰি নিদিলে পথ

Asomiya Pratidin

ডিজিটেল সংবাদ কমলপুৰঃ চিন্তিত এখন গাঁৱৰ বাসিন্দা। এই গাওঁখনলৈ হেনো এতিয়া ছোৱালী চাবলৈ নাহে কোনো দৰা। দৰাই গাড়ীখন লৈ আহিবলৈ এই গাওঁখনৰ পথত কেৱল বোকা। স্থানীয় বিধায়কক বাৰে বাৰে কোৱাৰ পাছতো বিধায়কগৰাকীয়েও দিয়া নাই গুৰুত্ব।

পূৰ্বৰ কমলপুৰ বিধানসভা সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত হোৱা পালাৰা গাঁৱৰ মহিলাসকলে এইদৰেই ক্ষোভ উজাৰিছে বিধ্বস্ত পথৰে যাতায়ত কৰিবলগীয়া হোৱাৰ বাবে। যদিও এই গাওঁখন ৰঙিয়া সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে তথাপিও এই গাওঁখনৰ ৰহাইজৰ প্ৰতিনিধি এতিয়াও বিধায়ক দিগন্ত কলিতা

বহুবল্কী এই বিধায়কজনে সংবাদ মাধ্যমৰ কেমেৰা দেখিলে যিদৰে সৰ্বজন্তা হৈ পৰে ঠিক সেইদৰেই সমষ্টিৰ বাট-পথ উন্নয়নত আকৌ চকু মুদা কুলীৰ ভাও ধৰে। যেন দেখিও একো নেদেখে তেওঁ। যাৰ পৰিণাম ভূগিবলগীয়া হৈছে এই গাওঁবাসীয়ে।

কমলপুৰৰ পৰা পালাৰা বজাৰ হৈ হাজো, ৰঙিয়া সংযোগী পথৰ দুৰৱস্থাই এতিয়াই ৰাইজক অতিষ্ঠ কৰিছে। ফলত বিধ্বস্ত এই পথটোলৈ ওলাই আহি স্থানীয় ৰাইজে পথৰ বোকাৰ মাজতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে।

এই প্ৰতিবাদৰ মাজতে এগৰাকী স্থানীয় মহিলাই তীব্ৰ ক্ষোভ আৰু যন্ত্ৰণাত জৰ্জৰিত হৈ স্থানীয় বিধায়ক দিগন্ত কলিতাক কটাক্ষ কৰি কয়, আমাৰ গাঁৱলৈ এতিয়া ছোৱালী চাবলৈ কোনো জৰা দৰা নাহে। দৰা আহিব বা কিয়? যিহে ৰাস্তাত বোকা, দৰাই বাৰু নিজৰ গাড়ীখন কেনেকৈ আনিব? বিধায়ত দিগন্ত দাক কিমান বাৰ ক'লো, আজিলৈকে ৰাস্তা বনায়েই নিদিলে। আমাৰ গাঁৱৰ ছোৱালীবোৰ এজিয়া বিয়া নোহোৱাকৈয়ে ৰৈ যাব।

উল্লেখ্য যে, স্বাধীনতাৰ ৭৭ বছৰ পিছতো এই গাওঁখনৰ একমাত্ৰ পথটো আজিও পকীকৰণ নহ'ল। নিজৰ সমষ্টিৰ এটা পথ পকী কৰিবলৈ অসমৰ্থ বিধায়ক দিগন্ত কলিতাই অথচ বৰ বৰ কথাৰে মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাই অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য বনোৱাৰ কথা কয়। বিধায়কৰ এনে ফিতাহি কথাত বোকা, পানীয়ে বিধ্বস্ত কৰি তোলা পথৰ মাজেৰে যাতায়ত কৰিবলগীয়া হোৱা লোকসকল স্থানীয় লোকসকল অধিক ক্ষোভিত হৈ পৰিছে।

এই একমাত্ৰ পথটোৰেই গাওঁখনৰ লোকসকলে যাতায়ত কৰিব লাগে। এই পথেৰে অংগনবাড়ী কেন্দ্ৰ, বিদ্যালয়, বজাৰ, নামঘৰ, মন্দিৰ আদি সকলো স্থানলৈ যাব লাগে গাওঁবাসী। তাৰ পাছতো বিধায়কগৰাকীয়ে কোনো গুৰুত্ব নিদিয়াত তেওঁলোকক কি ভুলৰ শাস্তি দিছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। কিহৰ কাৰণে এইদৰে মাহী আইৰ দৃষ্টি চাইছে বুলিও প্ৰশ্ন ৰাইজৰ।