অসম

ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ ম'হযুঁজ আৰু ভোগালী উৎসৱৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰে লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ ,আঁহতগুৰিত উপস্থিত হৈ অহা ১৫ আৰু ১৬ জানুৱাৰীত আয়োজিত ম'হযুঁজ আৰু ভোগালী উৎসৱৰ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰীকাই। তেওঁ কয় যে, যিহেতু আইনৰ নিষেধাজ্ঞা আছিল সেইবাবে বিগত ২০১৪ চনৰ পৰা আনুষ্ঠানিকভাৱে এই ম'হযুঁজ অনুষ্ঠিত কৰা হোৱা নাছিল । সেইবাবে মন্ত্ৰীগৰাকী জড়িত হৈ নথকাৰ কথা প্ৰকাশ কৰে।

লগতে কয় যে, নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে এই ঐতিহ্যমণ্ডিত ম'হযুঁজ পুনৰ আয়োজন কৰাৰ সিদ্ধান্ত ল'লে চৰকাৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তা-সদিচ্ছা-আন্তৰিকতা পূৰ্ণ সিদ্ধান্তৰ হেতু ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ গৌৰৱপূৰ্ণ ম'হযুঁজ পুনৰ এইবেলি ৰাজ্য চৰকাৰৰ নীতিক সাৰোগত কৰি কেইবাটাও বছৰৰ পিছত অনুষ্ঠিত হ'বৰ বাবে আগবাঢ়িছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই।

যিহেতু ম'হযুঁজ আয়োজনস্থলীৰ নাতিদূৰতে মন্ত্ৰীগৰাকীৰ ঘৰ। যাৰ বাবে তেখেতৰ ককা দেউতাৰ দিনৰে পৰা পৰিয়ালৰ সকলো এই ঐতিহ্যমণ্ডিত ম'হযুঁজত জড়িত বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। আইনী বাধাৰ বাবে বন্ধ হৈ থকা এই ম'হযুঁজ কেইবাবছৰৰ পিছত পুনৰ আয়োজনৰ প্ৰস্তুতি সন্দৰ্ভত পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ এই ম'হযুঁজ কাৰ্যসূচীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱা কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।