অসম

গুৱাহাটীত জলসম্পদ বিভাগৰ ৰাজ্যিক তথ্য কেন্দ্ৰ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে গুৱাহাটীত নিৰ্মিত অসম জল গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান সমিতিৰ দ্বাৰা ৰাষ্ট্ৰীয় জলবিজ্ঞান পৰিযোজনাৰ অধীনত ৰূপায়িত ৰাজ্যিক তথ্য কেন্দ্ৰটোৰ উদ্বোধন কৰে। লগতে জলসম্পদ বিভাগৰ বাহিৰা অৰ্থসাহাৰ্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ খতিয়ান লয় ।

ৰাজ্যিক তথ্য কেন্দ্ৰটো উদ্বোধন কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে চাইক্লন, বান আদি প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আগতীয়াকৈ জনাটো সম্ভৱপৰ হৈ উঠিছে ফলত প্ৰাকৃতিক দুৰ্যোগৰ ফলত হ’ব পৰা ক্ষয় ক্ষতিৰ পৰিমাণ বহু পৰিমাণে লাঘৱ কৰিব পৰা হৈছে | ৰাজ্যিক তথ্য কেন্দ্ৰটিত অসমৰ সকলো নদীৰ মথাউৰিসমূহৰ নিৰ্মাণৰ সময়কে ধৰি অসম তথা ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্য আৰু ৰাষ্ট্ৰসমূহত হোৱা বতৰৰ পৰিৱৰ্তনৰ সঠিক তথ্য উপলব্ধ হ’লে ৰাজ্যখনত বান নিয়ন্ত্ৰণ আৰু বানৰ ফলত হ’বপৰা ক্ষতিৰ পৰিমাণ বহু পৰিমাণে লাঘৱ কৰিব পৰা যাব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে |

জলসম্পদ মন্ত্ৰীগৰাকীৰ আজিৰ এই কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ. আব্বাচী, অসম বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ডা: জীৱন বি আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰশিং ৰংপি সহিতে আন বিষয়া-অভিযন্তাসকল উপস্থিত থাকে |

পাছত অসম বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা সভাত জলসম্পদ মন্ত্ৰী গৰাকীয়ে বিশ্ব বেংক আৰু এচিয়ান ডেভেলপমেন্ট বেংকৰ সাহাৰ্যত ৰাজ্যখনত চলি থকা বেকী আৰু বুঢ়ীদিহিং নদীৰ খহনীয়া ৰোধৰ কামসমূহৰ পৰ্যালোচনা কৰে |

উল্লেখ্য যে প্ৰথম পৰ্যায়ত বুঢ়ীদিহিং নদীৰ প্ৰায় ৩০ কিল’মিটাৰ অংশত খহনীয়া ৰোধৰ কাম, প্ৰায় ১৭৩ কিল’মিটাৰ মথাউৰি ওখ আৰু শক্তিশালীকৰণ, আৰু প্ৰায় ১০.৬ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ বাবে কাম হাতত লোৱা হৈছে | আনহাতে বেকী নদীৰ প্ৰায় ১১.২ কিল’মিটাৰ মথাউৰি ওখ আৰু শক্তিশালীকৰণ আৰু ৪৩ কিল’মিটাৰ দৈৰ্ঘ্যৰ খহনীয়া প্ৰতিৰোধী কাম কৰি থকা হৈছে | মন্ত্ৰীগৰাকীয়ে আজি পৰ্যালোচনা বৈঠকত বিভাগীয় অভিযন্তাসকলক সুচাৰুৰূপে এই প্ৰকল্পসমূহৰ অধীনত কামসমূহ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে |

আনহাতে বৈঠকত উপস্থিত থকা সংশ্লিষ্ট ঠিকাদাৰসকলকো মন্ত্ৰীগৰাকীয়ে সময়মতে আৰু আপোচ নকৰাকৈ কাম কৰাৰ বাবে নিৰ্দেশ দিয়ে | আনহাতে আজিৰ বৈঠকখনত সংশ্লিষ্ট জিলাসমূহৰ পৰা ভিডিঅ’ কনফাৰেঞ্চৰ জড়িয়তে সংযোগ হোৱা জিলা আয়ুক্তসকলক মন্ত্ৰী হাজৰীকাই এই প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত থকা মাটি অধিগ্ৰহণৰ সমস্যাসমূহো শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে | লগতে বেকী আৰু বুঢ়ীদিহিং নদীৰ খহনীয়া ৰোধৰ বাবে অহা জানুৱাৰী মাহৰ ভিতৰত কামসমূহ আৰম্ভ কৰিব পৰাকৈ সকলো প্ৰয়োজনীয় প্ৰশাসনিক কাম সমাধান কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে |