অসম

শদিয়াৰ লোহিত দিবাঙৰ সংযোগস্থলীত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা...

Asomiya Pratidin

ডিজিটেল সংবাদ, শদিয়া: অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ হাতীঘূলিৰ পৰা লোহিত নদীত নাৱেৰে দিবাং নদীৰ সংযোগস্থলৰ অমৰপুৰৰ সমীপৱৰ্তীলৈ যাত্ৰা কৰে। যাত্ৰাৰ পৰত জলসম্পদ বিভাগৰ অধীনত প্ৰায় ১৩.৫ কোটি টকাৰ পুঁজিসাপেক্ষে ৰূপায়ণ হৈ থকা দিবাং নদীৰ গতি-পৰিৱৰ্তন প্ৰকল্প পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ প্ৰত্যক্ষ বুজ লয় ।

উল্লেখযোগ্য যে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী এই প্ৰকল্পৰে দিবাং নদীখনক পুনৰ পুৰণি সুঁতিৰে বৈ নিয়াবলৈ প্ৰয়াস কৰা হৈছে । দিবাং নদীখনে বিগত সময়ত লোহিত নদীৰে বেচিকৈ ধাৱমান হৈ যোৱাৰ ফলত ইয়াৰ নামনিৰ ডিব্ৰুগড় পৰ্যন্ত বৃহৎ অঞ্চলত খহনীয়াৰ সৃষ্টি কৰি আহিছে । এই প্ৰকল্প সম্পূৰ্ণ হ'লে নামনিৰ অঞ্চলসমূহত খহনীয়াৰ প্ৰকোপ হ্ৰাস পাব বুলি আশা প্ৰকাশ মন্ত্ৰী গৰাকীৰ ।

পৰিদৰ্শনকালত মন্ত্ৰী হাজৰীকাই কাম খৰতকীয়া আৰু গুণগত মান ৰাখি ভালদৰে কৰিবলৈ বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰক নিৰ্দেশ দিয়ে । আনহাতে অসম অৰুণাচলৰ সীমান্তৱৰ্তী অমৰপুৰ অঞ্চলত এই প্ৰকল্পৰ পৰা যাতে কোনো সমস্যা নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিবলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় বিষয়া অভিযন্তাক নিৰ্দেশ দিয়ে ।

তদুপৰি অমৰপুৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগে ইতিমধ্যে প্ৰায় ২.৫ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছে । মন্ত্ৰীগৰাকীক আজিৰ পৰিদৰ্শনকালত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়াই সংগ দিয়ে ।