বিহালীৰ দায়িত্ব পীষুষ হাজৰিকাক, পালন কৰিলে কাতি বিহুও... 
অসম

বিহালীৰ দায়িত্ব পীষুষ হাজৰিকাক, পালন কৰিলে কাতি বিহুও...

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালীঃ ৰাজ্যৰ ৫ বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ ৷ বিশেষকৈ উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বিহালী বিধান সভা সমষ্টিত আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷

আজি বিহালীৰ ৰাংচালি, তিনিসুতি আৰু হাতিবন্ধাত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ কংগ্ৰেছে সাংসদ গৌৰৱ গগৈক বিহালীৰ দায়িত্ব দিয়াৰ সমান্তৰালকৈ বিহালীত বিজেপিয়ে সেনাপতি হিচাবে দায়িত্ব অৰ্পন কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাক।

লোকসভা নিৰ্বাচনৰ সময়ত যোৰহাটত সমুখ সমৰত আছিল পীয়ুষ হাজৰিকা আৰু গৌৰৱ গগৈ ৷ এইবাৰ বিহালীতো সমুখ সমৰত অৱতীৰ্ণ হৈছে পীয়ুষ-গৌৰৱ ৷

বিৰোধীয়ে বিহালীত বিজেপিৰ অৱস্থা যোৰহাটৰ দৰেই হ'ব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, বিৰোধীয়ে সমগ্ৰ অসমত ১৪ টাৰ ৩ টা জিকিছিল আৰু আমি ১১ টা জিকিছোলো৷ কেইদিন মান আগত হাৰিয়ানাত জিকিম বুলি খানা ৰেডি কৰিছিল যদিও অৱশেষত মুখত চেঁচা পানী পৰিল ৷

ক'ৰবাত নিৰ্বাচন হৰা জিকা থাকেই ৷ যোৰহাটত ব্যস্ত থকাৰ বাবে মোৰ সমষ্টিত মই এদিন প্ৰচাৰ চলাইছিলো ৷ কিন্তু মোৰ সমষ্টিত বিজেপিয়ে ৭৭ হাজাৰ ভোটৰ ব্যৱধানত আগুৱাইছিল ৷

ক'ৰবাত ভাল হৈছে, ক'ৰবাত বেয়া হয় সেইয়া থাকিবৈ ৷ কিন্তু এইবাৰ বিহালীত আমাৰ ভাল হ'ব ৷ আমাৰ নতুন ৰণ কৌশল একো নাই ৷ মানুহৰ লগত থকাটোৱেই আমাৰ ৰণ কৌশল ৷

ৰাইজৰ পৰা আশীৰ্বাদ লোৱাটোৱেই আমাৰ ৰণ কৌশল ৷ আনহাতে চামগুৰিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, চামগুৰিত এনেকুৱা পৰিস্থিতি কংগ্ৰেছ দলেই কৰে ৷

চামগুৰিত প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছে বেয়া পৰিবেশৰ সৃষ্টি কৰে ৷ চামগুৰিৰ দৰে পৰিবেশ বেলেগ সমষ্টিত হ'ব নালগে তাৰ বাবে মই অসমৰ ৰাইজক অনুৰোধ জনাম ৷

ৰকিবুল হুচেইনৰ সমষ্টিত নিৰ্বাচন আহিলে মাৰ-পিট হয়েই ৷ হিমন্ত বিশ্ব শৰ্মাৰ গাড়ীত ২০১৬ চনত আক্ৰমন কৰিছিল৷ আক্ৰমন তেওঁলোকেই কৰে। এইবাৰ কেৱল বিজেপিৰ মানুহ অলপ তাত বৃদ্ধি পোৱাৰ বাবে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল ৷

ইফালে আজি বিহালীৰ হাতীবন্ধা গাঁৱত কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই কাতি বিহু পালন কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালীতো কাতি বিহুৰ ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে।

আহাৰ, শাওন মাহত কঁপালৰ ঘাম মাটিত পেলাই ৰুই থৈ অহা ধাননী ডৰা এতিয়া গেঁৰ মেলিছে। সেয়েহে আজি বিহালীৰ হাতীবন্ধা গাঁৱৰ শতাধিক পুৰুষ-মহিলা,আই মাতৃ সকলৰ লগতে পথাৰত চাকি-বন্তি জ্বলাই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই।

গেৰ মেলা ধাননি ডৰা কোনোধৰণৰ বাধা-বিঘিননী নোহোৱাকৈ আঘোণত সোণগুটি হৈ চপাব পৰা যায়, তাৰ বাবে মন্ত্ৰীগৰাকীয়ে ভগৱন্তৰ ওচৰত কামনা কৰে। ইফালে মন্ত্ৰীগৰাকীয়ে বিহালী বিধান সভা সমষ্টিত বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰে।

কেৱল বিজয়ৰ ব্যৱধান বৃদ্ধিৰ বাবেহে চেষ্টা চলাই আছে বুলিও তেওঁ মন্তব্য কৰে। মন্ত্ৰীগাৰকীক নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ বিষয়ে সাংবাদিকে প্ৰশ্ন কৰাত এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। বিহালীৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ ৰঞ্জিত দত্ত আৰু বিহালীৰ উপ নিৰ্বাচনৰ বিজেপি দলৰ সম্ভাব্য প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে।