অসম

আৰক্ষীক আক্ৰমণ কৰি পলায়ন দুৰ্বৃত্তৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যোৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পুলিবৰ আৰক্ষীৰ এটা দলক আক্রমণ ৩ দুৰ্বৃত্তৰ। চোকা অস্ত্রৰে কৰা আক্রমণত আহত ৫জকৈ আৰক্ষী।

দেওবাৰে সংঘটিত হয় এই ঘটনা। অভিযুক্তক আটক কৰিবলৈ বৰহুজ গাঁৱলৈ গৈছিল আৰক্ষীৰ এটা দল। তেতিয়াই আৰক্ষীৰ অভিযানত বাধা প্রদান কৰিছিল তিনি দুৰ্বৃত্তই।

আক্রমণত গুৰুতৰভাৱে আহত তদন্তকাৰী আৰক্ষী বিষয়া। ইতিমধ্যে তিনি দুৰ্বৃত্তৰ এজনক আটক কৰিছে আৰক্ষীয়ে। বৰ্তমানেও পলাতক দুই দুৰ্বৃত্ত। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।