অসম

ৰঙিয়াত আটকাধীন প্ৰৱঞ্চকক মুকলি কৰি দিলে আৰক্ষীয়ে...

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়াঃ মঙলবাৰে ৰঙিয়াত চাকৰিৰ প্ৰলোভন দিয়া প্ৰৱঞ্চকক আটক কৰি ৰাইজে আৰক্ষীক গতাই দিয়ে। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, আটকাধীন প্ৰৱঞ্চকটো তাতিপাৰাৰ ৰবিন বৈশ্য। উল্লেখ্য যে দীৰ্ঘদিন ধৰি জলসিঞ্চন বিভাগত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল বৈশ্যই।

মঙলবাৰেও ধন সংগ্ৰহ কৰিবলৈ অহা প্ৰৱঞ্চকজনক ৰাইজে ঘেৰি ধৰি তুলসীবাৰী আৰক্ষী থানাত গতাই দিয়ে । যদিও আৰক্ষীয়ে পিছত ৰহস্যজনকভাৱে প্ৰৱঞ্চক বৈশ্যক থানাৰ পৰা মুকলি কৰি দিয়ে।‌

ইফালে আৰক্ষীৰ হাতত পৰাৰ পূৰ্বেই ৰাইজে প্ৰৱঞ্চকজনক চৰ, ভুকু, গোৰ আদি শোধায়। উল্লেখ্য যে, গুৱাহাটীৰ অধিবক্তা দীপেন গগৈৰ নেতৃত্বত চাকৰিৰ জাল চলাই থকাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৰবিন বৈশ্যই।