অসম

শালমাৰা-আন্ধেৰীঘাট গড়কাপ্তানি পথৰ দুৰৱস্থা

Asomiya Pratidin

ডিজিটেল সংবাদ,দুমুনিচকী : কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তর্গত শালমাৰা-আন্ধেৰীঘাত গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থায় সাধাৰণ পথচাৰীৰ লগতে অঞ্চলটোত থকা বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীক প্রতিনিয়ত জীয়াতু ভোগাই আহিছে। গড়কাপ্তানি বিভাগৰ ৰঙিয়া সংমণ্ডল তথা কমলপুৰ উপ সংমণ্ডলৰ জ্যেষ্ঠ বিষয়াৰ দায়িত্বহীনতাৰ বাবেই অতি ব্যাস্ত পথটো সম্প্ৰতি বিধ্বস্ত হৈ পৰিছে।

ভুক্তভোগী ৰাইজৰ অভিযোগ অনুসৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংযোগ হোৱা শালমাৰা-আন্ধেৰীঘাত গড়কাপ্তানি পথটো শালমাৰাৰ পৰা প্ৰায় ২.৫ কিঃমিঃ পথ শেহতীয়াকৈ পেভাৰ ব্লক ব্যৱহাৰ কৰি মেৰামতি কৰা হয়।

জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পথ মেৰামতি কৰি দায়িত্ব সামৰা গড়কাপ্তানি বিভাগৰ বিষয়াই বাকীছোৱা কমলপুৰ সমষ্টিৰ অন্তৰ্গত প্ৰায় ২.৫কিঃমিঃ পথ মেৰামতি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। উল্লেখযোগ্য যে গড়কাপ্তানী বিভাগৰ ৰঙিয়া সংমণ্ডল তথা কমলপুৰ উপ সংমণ্ডলৰ অন্তৰ্গত উক্ত পথটো বিগত সময়ৰ প্ৰলয়ংকৰী বানে বিস্তৰ ক্ষতি সাধন কৰিছিল।

পানীৰ কোবাল সোঁতে পথটোৰ পকী অংশ বিভিন্ন স্থানত এৰাই লৈ যোৱাৰ উপৰি পথটোৰ মাটিও উটুৱাই নিয়ে। পৰৱৰ্তী সময়ত বানৰ পানী শুকাল যদিও কেইবাবছৰ ধৰি বিধ্বস্ত হৈ থকা পথছোৱা গড়কাপ্তানি বিভাগৰ ৰঙিয়া সংমণ্ডল তথা কমলপুৰ উপ সংমণ্ডলৰ জ্যেষ্ঠ বিষয়াই পথছোৱা মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাত পথচাৰীয়ে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি আহিছে।

পূৱ-কামৰূপ আৰু পশ্চিম-দৰং অঞ্চলৰ যাতায়ত যোগাযোগৰ ক্ষেত্রত অতি গুৰুত্বপূর্ণ শালমাৰা-আন্ধেৰীঘাট গড়কাপ্তানি পথটোৰ দৰং জিলাৰ অংশও কিছুদিন পূর্বে মেৰামতি কৰা হয়। অৱশ্যে কামৰূপ জিলাৰ প্রায় ৫ কিলোমিটাৰ পথৰ অৰ্ধাংশ মেৰামতি কৰি দায়িত্ব সামৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভুক্তভোগী সচেতন ৰাইজে।

বিগত কেইবা বছৰ ধৰি মেৰামতি নকৰাৰ ফলত পথছোৱাত অসংখ্য দ-গাঁতৰ সৃষ্টি হোৱাত নিতৌ যাতায়ত কৰা সাধাৰণ পথচাৰীৰ লগতে অঞ্চলটোৰ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে যমৰ যাতনা ভোগ কৰি আহিবলগীয়া হৈছে। পথটোৰ গাতে লাগি থকা মালিবাৰী পূৱ-কামৰূপ হাইস্কুল, তিতকুছি হাইস্কুল, গোপাল থান হাইস্কুলৰ উপৰি পথটোৰ সোঁৱে-বাঁৱে থকা কেইবাখনো প্রাথমিক বিদ্যালয়ৰ কণ কণ ছাত্র-ছাত্রীয়ে জৰাজীৰ্ণ হৈ পৰা উক্ত গড়কাপ্তানী পথটোৰে বিপদজনকভাৱে বিদ্যালয়লৈ যাতায়ত কৰি থাকিব লগা হৈছে।

ইয়াৰ উপৰি উক্ত পথটোৰে পূৱ-কামৰূপ আৰু পশ্চিম-দৰং অঞ্চলৰ পৰা দৈনিক অর্ধশতাধিক ৰোগী দুমুনিচকী ৰাজ্যিক চিকিৎসালয়, হালধা প্রাথমিক স্বাস্থ্যকেন্দ্র, বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰৰ উপৰি বিভিন্ন চিকিৎসালয়ত চিকিৎসাৰ বাবে আহিবলগীয়া হয়। কিন্তু পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই এই সকলো শ্রেণীৰ লোকক দীর্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগাই আহিছে।

অতি ব্যস্ত পথটোৰে যাতায়ত কৰা প্ৰায় কুৰিৰো অধিক বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ ৰোগী, প্রসূতি মহিলাৰ লগতে শিক্ষার্থী আৰু সৰ্বসাধাৰণ পথচাৰীৰ আহুকালৰ ফালে লক্ষ্য কৰি গড়কাপ্তানি বিভাগৰ ৰঙিয়া সংমণ্ডল তথা কমলপুৰ উপ সংমণ্ডলৰ জ্যেষ্ঠ বিষয়াক পথছোৱা মেৰামতিৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্রহন কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।