NHPCৰ বৃহৎ নদীবান্ধ প্ৰকল্পৰ পৰা অসমে বিনামূলীয়াকৈ পাব মাত্ৰ ২৫ মেগাৱট বিদ্যুৎ 
অসম

NHPCৰ বৃহৎ নদীবান্ধ প্ৰকল্পৰ পৰা অসমে বিনামূলীয়াকৈ পাব মাত্ৰ ২৫ মেগাৱট বিদ্যুৎ

Asomiya Pratidin

উজনি অসমৰ কেইবাখনো জিলাৰ জনজীৱন, জৈৱ বৈচিত্ৰলৈ ভাবুকি কঢ়িয়াই আনিব পৰাকৈ নিৰ্মাণ কৰা জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমে বিনামূলীয়াকৈ লাভ কৰিব মাত্ৰ ২৫ মেগাৱট বিনামূলীয়া বিদ্যুৎ।

২০০৯ চনত স্বাক্ষৰিত হোৱা এক চুক্তি অনুসৰি প্ৰকল্পটোৰ পৰা অসমে ২০৮ মেগাৱট বিদ্যুৎ ক্ৰয় কৰিব পাৰিব। অথচ অসমত বিদ্যুতৰ সৰ্বোচ্চ পিক আৱাৰ ডিমাণ্ড ২৫৪০ মেগাৱট। অসম বিধানসভাত বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা শক্তিখণ্ডৰ সন্দৰ্ভত কেতবোৰ প্ৰশ্নৰ উত্তৰত আজি শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাই দাখিল কৰা উত্তৰত উন্মোচিত হৈছে শক্তিখণ্ডৰ দুৰ্বল দিশটো।

২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজ্যত প্ৰয়োজন হোৱা মুঠ শক্তিৰ মাত্ৰ ১৭ শতাংশহে অসম শক্তি উৎপাদন নিগম লিমিটেডৰ পৰা আহৰিত হয়। আনহাতে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অসমক আত্মনিৰ্ভৰশীল কৰিবলৈ এতিয়াও বহুদূৰ বাকী। অসমৰ ৬ টা নিজা বিদ্যুৎ উৎপাদন প্ৰকল্পৰ পৰা ৮১৪.৫ মেগাৱাট বিদ্যুৎহে উৎপাদন হৈ আছে।

অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাই জনাইছে যে, ২০২৩ চনৰ গ্ৰীষ্মকালত অসমত বিদ্যুতৰ গড় পিক আৱাৰ ডিমাণ্ড আছিল ২৫৪০ মেগাৱট। ইয়াৰ বিপৰীতে ২০২৩ ত অসমত বিদ্যুতৰ গড় চাহিদা ১৫৮৪ মেগাৱট।

২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ মুঠ প্ৰয়োজনীয় শক্তিৰ ১৭ শতাংশ অসম শক্তি উৎপাদন নিগম লিমিটেডৰ পৰা আহৰিত হৈছে। ৭ টা ক'ল প্লাণ্টৰ পৰা ৭৬৯ মেগাৱট, ৩ টা গেছ প্লাণ্টৰ পৰা৪৬১ মেগাৱট, ৯ টা হাইড্ৰ' প্লাণ্টৰ পৰা ৬৪১ মেগাৱট, ৮ টা ৰেনিএবেল প্লাণ্টৰ পৰা ৩০৫ মেগাৱট শক্তি আবণ্টিত হৈছে।

অসমক বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰিবলৈ এ পি জি চি এলে বহু কেইটা প্ৰকল্প হাতত লোৱাৰ কথা উল্লেখ কৰি বিধায়ৰ গগৈৰ প্ৰশ্নৰ উত্তৰত শক্তিমন্ত্ৰীগৰাকীয়ে কয়,প্ৰাকৃতিক সম্পদৰ ৰক্ষণাবেক্ষণ, অৰ্থনৈতিক বিকাশৰ উন্নতি আৰু জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ বাবে এ পি জি চি এলে নৱীকৰণযোগ্য শক্তি প্ৰকল্প ৰূপায়ণৰ বাবে পৰিকল্পনা হাতত লৈছে।

শক্তি বিভাগে আত্মনিৰ্ভৰশীল হ'বলৈ হাতত লোৱা প্ৰকল্পসমূহৰ ভিতৰত আছে ২০২৪ ৰ ডিচেম্বৰত সম্পূৰ্ণ হ'বলগীয়া ১২০ মেগাৱট সম্পন্ন নিম্ন কপিলী জল বিদ্যুৎ প্ৰকল্প, ২০২৫ ৰ এপ্ৰিলত সম্পূৰ্ণ হ'বলগীয়া ৩ মেগাৱট সম্পন্ন জাগীৰোড সৌৰশক্তি প্ৰকল্প, ২০২৫ ৰ মে' মাহত সম্পূৰ্ণ হ'বলগীয়া ২৫ মেগাৱট সম্পন্ন নামৰূপ সৌৰশক্তি প্ৰকল্প, ২০২৬ ৰ জুনত সম্পূৰ্ণ হ'বলগীয়া ৬২০ মেগাৱট সম্পন্ন এ পি জি চি এল- অইল জইণ্ট ভেনচাৰৰ সৌৰ শক্তি প্ৰকল্প, ২০২৭ ৰ জুনত সম্পূৰ্ণ হ'বলগীয়া কাৰ্বি লাংপি মধ্য (দ্বিতীয়) জল বিদ্যুৎ প্ৰকল্প আৰু ২০২৭ ৰ নৱেম্বৰত সম্পূৰ্ণ হ'বলগীয়া ২২.৫ মেগাৱট শক্তি সম্পন্ন কাৰ্বি লাংপি মধ্য (প্ৰথম) জল বিদ্যুৎ প্ৰকল্প।

আনহাতে এ পি ডি চি এলৰ অধীনত মুখ্যমন্ত্ৰী সৌৰ শক্তি প্ৰকল্পৰ অধীনত ১০০০ মেগাৱট শক্তি প্ৰকল্প, বিল্ড অউন অপাৰেট ম'ডত টাৰিফনিৰ্ভৰ কম্পিউটিটিভ বিডিং পদ্ধতিত ৩২০ মেগাৱট সৌৰ শক্তি প্ৰকল্পৰ কাম চলি আছে। ইয়াৰোপৰি এ পি ডি চি এলে এন এল চি ইণ্ডিয়া ৰিনিয়েবল লিমিটেড, এছ জে ভি এন গ্ৰীণ এনাৰ্জী লিমিটেড আৰু অ' টি পি চি সৈতে জইণ্ট ভেনচাৰ গঠন কৰি মুঠ ২০২৫০ মেগাৱট শক্তি সম্পন্ন আন তিনিটা সৌৰ শক্তি প্ৰকল্পৰ কামো হাতত লৈছে।

অখিল গগৈৰ শক্তি মন্ত্ৰীলৈ আন এক গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল এন এইছ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমে কিমান বিনামূলীয়া বিদ্যুৎ পাব আৰু কিমান ক্ৰয় কৰিব পাৰিব? এই প্ৰকল্পৰ সৈতে অসম চৰকাৰৰ কোনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে নেকি?

এই প্ৰশ্নৰ উত্তৰত নন্দিতা গাৰ্লোছাই কয়, এন এইছ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমে ২৫ মেগাৱট বিনামূলীয়া বিদ্যুৎ পাব। প্ৰকল্পটোৰ পৰা ২০৮ মেগাৱট বিদ্যুৎ শক্তি ক্ৰয় কৰাৰ চুক্তি স্বাক্ষৰ হৈছে।