আজিৰে পৰা তিনিদিনীয়াকৈ ড° শাসনবংশ মহাথেৰাৰ "পয় লেং" উৎসৱ... 
অসম

আজিৰে পৰা তিনিদিনীয়াকৈ ড° শাসনবংশ মহাথেৰাৰ "পয় লেং" উৎসৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ চৰাইদেউঃ আজিৰে পৰা চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত আৰম্ভ হৈছে পয় লেং উৎসৱ। ধৰ্মীয় পৰম্পৰা আৰু নীতি-নিয়মেৰে তিনিদিনীয়াকৈ আৰম্ভ হোৱা এই উৎসৱ পুৱা মংগলাচৰণ, ভীক্ষুসংঘক অন্নদানৰ বৌদ্ধ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু ভদন্ত মহাথেৰ ভন্তেৰ সংৰক্ষিত শৱদেহ ৰথত প্ৰতিষ্ঠা কৰাৰ লগতে ৰথ টনা কাৰ্য শুভাৰম্ভণি হয় ৷

এই অনুষ্ঠানত পুৰুষ- মহিলা,যুৱক-যুৱতী,বৌদ্ধধৰ্মীয় লোকে অংশগ্ৰহণ কৰিছে ৷ দেওবাৰে অনুষ্ঠানটোত দক্ষিণ কোৰিয়া, থাইলেণ্ড, ম্যানমাৰ আৰু চীনৰ অতিথিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷