অসম

প্ৰাক্তন মন্ত্ৰী সন্দৰ্ভত ভুৱা বাতৰি প্ৰচাৰঃ থানাত উপস্থিত প্ৰৱীণ হাজৰিকা

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ মঙলবাৰে নিশা চতিয়া আৰক্ষী থানাত উপস্থিত প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকা৷ গুৱাহাটীস্থিত পৰ্টেল নিউজ টাইম প্লাছ ২৪ ৰ বাতিৰৰ পাছতে থানাত উপস্থিত প্ৰাক্তন মন্ত্ৰীগৰাকী।

জানিব পৰা মতে পৰ্টেলটোত প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকাৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছিল ৷ বিভিন্ন সময়ত একাংশ পৰ্টেলে নিউজ পৰিবেশনৰ নামত তথ্যবিহীন বাতৰি পৰিবেশন কৰি জনসাধাৰণক বিভ্ৰান্ত কৰি আহিছে। ইয়াৰ মাজতে গুৱাহাটীৰ পৰা প্ৰচাৰিত টাইম প্লাছ ২৪ নামৰ এটা পৰ্টেলে প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকাৰ মৃত্যুৰ বাতৰি পৰিবেশন কৰি সকলোকে হতচকিত কৰি তুলিছে ৷

উল্লেখ্য যে ড°ভূপেন হাজৰিকাৰ ভ্ৰাতৃ প্ৰবীন হাজৰিকাৰ যোৱা সোমবাৰে ইংলেণ্ডত মৃত্যু হৈছিল ৷ উক্ত পৰ্টেল চেনেলটোৱে মঙলবাৰে পাঁচ বজাত ব্যক্তিজনৰ মৃত্যুৰ বাতৰিটো পৰিবশন কৰে৷

ইমানলৈ ঠিকেই আছিল পিছে চেনেলটোৱে ভূপেন হাজৰিকাৰ ভাতৃৰ ফটো প্ৰচাৰ কৰাৰ সলনি প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকাৰ ফটো সন্নিবিষ্ট কৰি বাতৰিটো পৰিবেশন কৰে ৷

ছচিয়েল মিডিয়াত বাতৰিটো পৰিবেশন কৰাৰ পিছতে চতিয়া, বিশ্বনাথ চাৰিআলি অঞ্চলত এক চাঞ্চল্যৰ সৃষ্টি হয় ৷প্ৰাক্তন মন্ত্ৰী গৰাকীৰ অসংখ্য অনুৰাগীয়ে তেখেতৰ পৰিয়ালবৰ্গলৈ ফোন কৰে ৷বহুতেই আকৌ সমবেদনাও জ্ঞাপন কৰে ৷

চেনেলটোৰ কাণ্ডজ্ঞানহীন কৰ্মত প্ৰাক্তন মন্ত্ৰী গৰাকী মৰ্মাহত হৈ চতিয়া থানাত পৰ্টেলটোৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷প্ৰাক্তন মন্ত্ৰী জনে চেনেলটোৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বুলি জানিবলৈ দিয়ে ৷