অসম

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ ২০২৪ ৰ প্ৰাৰম্ভিক অনুষ্ঠান...

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমাগত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৪-ৰ লগত সংগতি ৰাখি আজি গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰেক্ষাগৃহত দুই শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীৰ উপস্থিতিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ মহন্ত ডাঙৰীয়াই শুভাৰম্ভ কৰা এই অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ মনত বিশেষ ধৰণে ৰেখাপাত কৰিবলৈ সক্ষম হয় ।

এই অনুষ্ঠানত সাহিত্য বিষয়ক প্ৰশ্নোত্তৰ, বানান শুদ্ধকৈ কোৱা তথা সাঁ‌থৰ কোৱা আদি আকৰ্ষণীয় প্ৰতিযোগিতাত মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে আন্তৰিকতাৰে অংশগ্ৰহণ কৰে। শুদ্ধ উত্তৰ প্ৰদান কৰি পুৰস্কাৰ লাভৰ কৰাৰ পাছত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত যথেষ্ট তৎপৰতা পৰিলক্ষিত হৈছিল । মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানে বিদ্যয়তনিক ব্যস্ততাত থকা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক এক নতুন আমেজ দিয়াৰ লগতে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৪-কলৈও যথেষ্ট কৌতুহল বৃদ্ধি হোৱা দেখা পোৱা যায় ।

উল্লেখনীয় যে, অহা ১৩,১৪ আৰু ১৫ ডিচেম্বৰত গুৱাহাটীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত অনুষ্ঠিত হ’ব দ্বিতীয় বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ। এইবাৰৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱত দেশৰ বহ সংখ্যক আগশাৰীৰ সাহিত্যিক-বুদ্ধিজীৱিৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰো ভালে সংখ্যক প্ৰতিষ্ঠিত তথা উদীয়মান লেখক-লেখিকাই অংশগ্ৰহণ কৰিব ।