অসম

শেষ লেখাটো লিখা নহ'ল ৰমু দাৰ...

Asomiya Pratidin

প্ৰকাশ মহন্ত

হয়তো এই লেখাটো তেওঁৰ জীৱনৰ অন্তিমটো লিখা হ'লহেতেন। কিন্তু নিলিখাকৈয়ে গুচি যাব লগা হ'ল অসমৰ সিংহ পুৰুষৰূপে পৰিগণিত অথচ অসমীয়া জাতীয়তাবাদৰ এক ট্ৰেজিক চৰিত্ৰ প্ৰণৱজিত চলিহা ওৰফে ৰমু দা।

এমাহ মানৰ পূৰ্বে টেলিফোনতেই শেষবাৰ তেখেতৰ লগত কথা পাতিছিলো মুহিৰাম শইকীয়া ছাৰৰ ওপৰত এটা লেখাৰ প্ৰসংগত। তেতিয়াও অসুস্থয়েই আছিল তেওঁ। তথাপি কৈছিল- মোৰ আঙুলিবোৰ কপি থাকে, চকুৰে ভালকৈ নেদেখো। তথাপি ৪ দিন মানৰ পাছত কোনোবা ল'ৰা এজন পঠিয়ালে মই দাদাৰ কথা কৈ যাম আৰু তেওঁ সেইখিনি টুকি নিলে হ'বনে?

মইও সন্মতি জনাই বহু আশাৰে অপেক্ষা কৰিছিলো। বয়সত ডাঙৰ হ'লেও বন্ধু আৰু সংগ্ৰামী সতীৰ্থৰ নীবিড় সম্পৰ্ক থকা শিৱসাগৰৰেই সন্তান আন এগৰাকী বাঘ স্বৰূপ আছিল প্ৰয়াত মুহিৰাম শইকীয়া। সেয়ে ছাৰৰ ওপৰত ৰমু দাই লিখিবলগীয়া সেই বিশেষ লেখাটোৰ বাবে অধিৰ আগ্ৰহ আছিল।

শিৱসাগৰ কলেজত কাম কৰি থকা অৱস্থাতে ১৯৭১ চনত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰা মুহিৰাম শইকীয়া ছাৰৰ সৈতে গোটেই চলিহা পৰিয়ালৰে আছিল নীবিড় সম্পৰ্ক। প্ৰায় সমবয়সীয়া পৰাগ চলিহাৰ সৈতে একেখন কলেজতে কাম কৰা প্ৰচণ্ড জাতীয়তাবোধ সম্পন্ন আৰু দুৰ্দান্ত সাহসী মুহিৰাম শইকীয়া ছাৰে মাধ্যম আন্দোলনৰ সময়তে নগাঁও মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰিছিল।

সেইখন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক অনিল বৰাক হোজাইত ১৯৭২ চনৰ ৭ অক্টোবৰত অসমীয়া বিৰোধী এদল দুৰ্বৃত্তই হত্যা কৰে। ঘটনাটোৱে মৰ্মাহত কৰা অধ্যক্ষগৰাকীয়ে কলেজৰ প্ৰশাসকৰ সমান্তৰালভাৱে দুৰ্দান্ত সংগ্ৰামীৰ ৰূপ ধাৰণ কৰি অনিল বৰাৰ কাটি নিয়া মূৰ বিচাৰি ঘূৰি-ফুৰিছিল।

পৰৱৰ্তী সময়ত আৰম্ভ হোৱা অসম আন্দোলনতো এগৰাকী অগ্ৰনী যোদ্ধাৰ ৰূপ ধাৰণ কৰা এই মুহিৰাম শইকীয়াৰ নেতৃত্বতেই ১৯৮০ চনত লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বত প্ৰশাসনে জাৰি কৰা সান্ধ্য আইন নগাওঁৰ ৰাইজে প্ৰথম ভংগ কৰিছিল।

সেই ব্যক্তিগৰাকীৰ ওপৰত প্ৰকাশ পাব লগা এখন গ্ৰন্থৰ বাবেই ৰমু দাৰ পৰা লেখা এটা মই বিচাৰিছিলো। জীয়াই থকা হ'লে পৰাগ চলিহা ছাৰৰ পৰা বিচাৰিলোহেঁতেন। কিন্তু মুহিৰাম শইকীয়া ছাৰৰ সমবয়সীয়া তথা শিহৰণকাৰী ৪০০০ বছৰৰ অসম নাটকৰ স্ৰষ্টা সেইগৰাকী বাঘেও ইতিমধ্যে জীৱন নাট সামৰিছে।

সেয়েহে পৰাগ চলিহা, মুহিৰাম শইকীয়াতকৈও দূৰ্দমনীয়ৰূপত উজনি অসমত অসমৰ জাতীয় স্বাভিমান তুলি ধৰিবলৈ সক্ষম হোৱা প্ৰণৱজিত চলিহাৰ দৃষ্টিৰে মুহিৰাম শইকীয়াৰ ওপৰত লেখাতো বিচাৰিছিলো।কিন্তু বয়স অথবা কাৰো ভয় ভাবুকিৰ ওচৰত সেও নমনা মানুহজনে এনেদৰে অৱশেষত মৃত্যুৰ ওচৰত সেও মানিলে। যি ঘটনাই মোক মৰ্মাহত কৰাই নহয় এটা দুৰ্দান্ত লেখাৰ পৰাও বঞ্চিত কৰিলে।

এটা সময় আছিল ৰমু দা ঘৰৰ পৰা ওলাই গ'লে প্ৰশাসনৰ মুৰব্বীৰ পৰা লুণ্ঠনকাৰী বনিয়া আৰু ভণ্ড সংগ্ৰামী নেতা, সাংবাদিক সকলোৰে বুকুত কঁপনি উঠিছিল। সেইবাবে চৰকাৰে নিজৰ ঘৰৰ ভিতৰত অথবা জে'লৰ ভিতৰত তেওঁ সোমাই থকাতোৱেই বিচাৰিছিল। এনে দুৰ্যোগৰ ক্ষেত্ৰত বহুবোৰ সময়ত নিজৰেই সতীৰ্থসকলে যেন তেওঁৰ সৈতে ঘনিষ্ঠতা ৰাখি বিপদত পৰাৰ আশংকাত আঁতৰি ফুৰিছিল।

কিন্তু শাৰীৰিক মানসিক এনে নিৰ্যাতনক কেৰেপ কৰা নাছিল এইগৰাকী জাতীয়তাবাদী নায়কে। পিছে তেওঁৰ ত্যাগ আৰু বলিষ্ঠ জাতীয়তাবাদী চেতনাৰে অপশক্তিক বশীভূত কৰাৰ সাহসৰ সঠিক মূল্যায়ণ যথাসময়ত সমাজে কৰিব নোৱাৰিলে বুলিয়েই ভাব হয়। ইয়াৰ বাবে দায়ী আমি নিজেও।

কিন্তু তেওঁৰেই ৰক্ত প্ৰবাহিত আৰু জাতীয় চেতনাৰে প্ৰজ্বোলিত শৃংখল চলিহাই মাজে মাজে উশৃংখলতাৰে মানুহক হতাশ কৰিলেও ৰমু দাৰ সেই তেজস্বী ধাৰাক আপোচহীনভাৱে আগুৱাই নিয়াৰ চেষ্টা কৰি গৈছে। পিছলৈ অৱশ্যে ইয়াৰ ৰূপ কেনে হয় সেয়া সময়ে ক'ব।

এই মুহূৰ্তত ৰমু দাৰ প্ৰতি শ্ৰদ্ধা তৰ্পনৰ লগতে শিৱসাগৰৰ আপোচহীন চলিহা বংশৰ সুযোগ্য উত্তৰাধীকাৰী ৰূপে যাতে শৃংখল চলিহাই ৰমু দাৰ চেতনাৰে তগবগ ৰক্ত বহন কৰি আগুৱাই যাবলৈ সক্ষম হওক তাকে কামনা কৰিছো। পৰিয়ালৰ শোকাহত আন সদস্যসকলো উন্নত মস্তক আৰু আপোচহীন ৰমু দাৰ মৃত্যুৰ শোকৰ পৰিৱৰ্তে গৰ্বিত বক্ষৰে অগ্ৰসৰ হওক। সেই শক্তি ইশ্বৰে তেওঁলোকক দিয়ক।