অসম

প্ৰতিদিন টাইমৰ ভিডিঅ’ জাৰ্নেলিষ্ট সুবুধ ৰয়ৰ ৰহস্যজনক মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। ৰহস্য জনক অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। গুৱাহাটীৰ মালিগাঁওত মঙলবাৰে উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।

মৃত্যু হোৱা যুৱকজন প্রতিদিন টাইমৰ ভিডিঅ’ জাৰ্নেলিষ্ট সুবুধ ৰয়। শোৱনিকোঠাৰ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল সুবুধক। তাৰ পৰা ততাতৈয়াকৈ বৰিপাৰা FRU লৈ নিয়া হৈছিল সুবুধক।

কিন্তু সুবধক মৃত ঘোষণা কৰে চিকিৎসকে। বৰ্তমান বৰিপাৰা FRUত ৰখা হৈছে সুবুধৰ মৃতদেহ । মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক গতাই দিয়া হ’ব মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আনহাতে কেনেকৈ সুবধৰ মৃত্যু হ'ল সেয়া মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব।