অসম

কাজলগাঁৱত সদৌ বি টি চি ঠিকাভিত্তিক শিক্ষক সন্থাৰ সংবাদ মেল

Asomiya Pratidin

ডিজিটেল সংবাদ,চিৰাং : চিৰাঙৰ কাজলগাঁৱত সদৌ বি টি চি ঠিকাভিত্তিক শিক্ষক সন্থাই সংবাদ মেল অনুষ্ঠিত কৰি বি টি আৰ এলেকাত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক খাম খেয়ালী কৰাৰ অভিযোগ উত্থাপন কৰে । কোনো বিজ্ঞাপন অবিহনেই নীতি বহিৰ্ভূতভাবে প্ৰমোদ বড়োৰ নেতৃত্বতাধীন বি টি চি প্ৰশাসনে ঠিকাভিত্তিক শিক্ষকক দিছে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰে ।

এন চি টি অধীনত ৰাজ্য চৰকাৰে যি টেট পৰীক্ষা প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল সেই প্ৰক্ৰিয়াত নিকা আৰু যোগ্যতাৰ ভিত্তিত যি সকলে উৰ্ত্তীৰ্ণ হৈছিল পৰবৰ্ত্তী সময়ত সেইসকল টেট উত্তীৰ্ণ প্ৰাৰ্থীক বি টি আৰ এলেকাত ঠিকাভিত্তিক হিচাপে নিযুক্তি লাভ কৰিছিল ।

বি টি চি নিৰ্বাচনৰ আগত আৰু শাসনভাৰ লাভ কৰাৰ পিছত প্ৰমোদ বড়োই ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিকা আৰু যোগ্যতাৰ ভিত্তিত নিয়মীয়াকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু প্ৰমোদ বড়োৰ সেই প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈয়ে ৰৈ গল বুলি আক্ষেপ প্ৰকাশ কৰে ।

শিক্ষক নিযুক্তিৰ এন চি টিৰ নীতি নিয়ম সম্পূৰ্ণ ধোঁৱাচাঙত তুলি বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক পৰ্যায়ত ব্যাপক অৰাজকতা কৰি ঠিকাভিত্তিক শিক্ষকসকলক চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত কাম কৰি আছে বুলি গুৰুতৰ অভিযোগ কৰে ।

তাক লৈ জাঙুৰ খাই উঠিছে সদৌ বি টি চি ঠিকাভিত্তিক শিক্ষক সন্থাৰ চিৰাং জিলা সমিতিয়ে। বি টি চি প্ৰশাসনৰ এই ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণকলৈ চলি থকা নীতি বহিৰ্ভূত কাৰ্যকলাপত চোকা নজৰ দিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনায় ।