অসম

বিশ্বনাথ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াৰ সংবাদমেল

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহালী : বিশ্বনাথ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ কাম ৭০% সম্পূৰ্ণ হ'ল ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ শ্ৰেষ্ঠ ১০খন জিলাৰ ভিতৰত স্থান লাভ কৰিলে বিশ্বনাথ জিলাই ৷ এইদৰে মন্তব্য কৰে বিশ্বনাথ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যই।

বুধবাৰে এক সংবাদমেল সম্বোধন কৰি বিষয়া বৈশ্যই কয় যে, জিলাখনত অনুমোদন লাভ কৰা ৪০২৩৯ টা ঘৰৰ ভিতৰত ২৮২৯৫ টা ঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু ১১৯৪৪ টা ঘৰৰ নিৰ্মাণ চলি আছে ৷ চলিত মাহৰ ভিতৰতে নিৰ্মাণ কাৰ্য চলি থকা গৃহসমূহ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিদ্ধাৰণ কৰিছে বিশ্বনাথ জিলা পৰিষদে ৷

উল্লেখ্য যে সমগ্ৰ অসমত ১৯৪৯৪৩০ টা গৃহৰ অনুমোদন দিয়া হৈছিল আৰু ১৬০৪৬৭৭ টা ঘৰৰ নিৰ্মাণ ইতিমধ্য সম্পূৰ্ণ হৈছে বুলি সংবাদমেলত উল্লেখ ৷