অসম

বঢ়মপুৰ ছহিদ স্মৃতি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সংবাদ মেল

Asomiya Pratidin

ডিজিটেল সংবাদ , বঢ়মপুৰঃ দেশৰ স্বাধীনতা আন্দোলনত প্রাণাহুতি দিয়া নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰৰ চাৰিগৰাকী বীৰ-বীৰাংগণাৰ পূণ্য স্মৃতিত ১৯৫০ চনৰ ২ জানুৱাৰীত প্ৰতিষ্ঠিত বঢ়মপুৰ ছহিদ স্মৃতি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত ৭৫ সংখ্যক বৰ্ষত পদাৰ্পণ কৰাৰ আপাহতে মহাৰজত জয়ন্তী বৰ্ষটি বৰ্ষজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে।

যোৱা ২ জানুৱাৰীত শুভাৰম্ভনী অনুষ্ঠান সুকলমে সম্পন্ন হোৱাৰ পিছত অহা ২৭ জানুৱাৰীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা বুলি আজি এক সংবাদ মেলযোগে উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত সদৰী কৰিছে শিক্ষানুষ্ঠানখনিৰ অধ্যক্ষ নলিনী কুমাৰ বৰাই।