অসম

হাস্পতালৰ পৰা পলায়ন ধৰ্ষণ অভিযুক্ত আকাশ চাহাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডিফুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পলায়ন কৰিলে ধৰ্ষণৰ অভিযুক্তই। ডিফু মেডিকেল কলেজ হাস্পতালৰ পৰা পলায়ন কৰে কয়দীগৰাকীয়ে।

পলায়ন কৰা কয়দীজনৰ নাম আকাশ চাহা বুলি জানিব পৰা গৈছে। ৩০ নৱেম্বৰত DMCHত ভৰ্তি কৰা হৈছিল আকাশ চাহাক। বলাৎকাৰৰ গোচৰত কাৰাবন্দী হৈ আছিল আকাশ চাহা।

চিকিৎসাধীন অৱস্থাতে হাস্পতালৰ পৰা পলায়ন আকাশ চাহাৰ। শৌচালয়ৰ ভেণ্টিলেটৰে দি পলায়ন কৰে কয়দীজন। এতিয়ালৈকে আৰক্ষীয়ে কোনো খবৰ লাভ কৰা নাই কয়দীজনৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।