নতুন পৰিবহন আইনৰ বিৰুদ্ধে বিশ্বনাথ জিলা ট্ৰাক চালক সন্থাৰ প্ৰতিবাদ... 
অসম

নতুন পৰিবহন আইনৰ বিৰুদ্ধে বিশ্বনাথ জিলা ট্ৰাক চালক সন্থাৰ প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালীঃ যানবাহন আইনৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰে নতুনকৈ কেইবাটাও সংশোধনী বিল প্ৰণয়ন কৰিছে।বিশেষকৈ দুৰ্ঘটনা সংঘটিত কৰা চালকৰ ওপৰত যি আইন প্ৰয়োগ কৰা হৈছে ইয়াৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানত তীব্ৰ প্ৰতিবাদ অব্যাহত থকা লগতে বিশ্বনাথতো আজি বিশ্বনাথ জিলা ট্ৰাক চালক সন্থাই এই আইনৰ বিৰুদ্ধে সংবাদ মেলৰ আয়োজন কৰে।

এই সংবাদ মেল যোগে বিশ্বনাথ জিলা ট্ৰাক চালক সন্থাই কয় যে, ভাৰত চৰকাৰে আমাৰ ওপৰত এখন ক'লা আইন জাপি দিছে। এই আইন আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। এই আইন সম্পূৰ্ণ চালকসকলৰ বিৰুদ্ধে এই আইন মতে কোনো চালকৰ দ্বাৰা দুৰ্ঘটনা সংঘটিত হলে চালকক দহ বছৰ কাৰাদণ্ড দিয়াৰ লগতে ৭ লাখ টকা জৰিমনা বিহাৰ কথা উল্লেখ আছে।লগতে দুৰ্ঘটনা গ্ৰস্থ লোকক চালকে চিকিৎসালয়ত নিয়াৰ ব্যবস্থা কথা উল্লেখ আছে।

সেইহে সংবাদ মেল যোগে চালক সন্থাৰ বিষয়ববীয়াসকলে কয় যে, এজন চালকে কেতিয়াও নিজ ইচ্ছাৰে কোনো দুৰ্ঘটনা সংঘটিত নকৰে। আনহাতে কিবা কাৰণত দুৰ্ঘটনা সংঘটিত হলেও দুৰ্ঘটনাগ্ৰস্ত লোকক চালকে চিকিৎসালয়ত লৈ যোৱাতো কোনো কাৰণতে সম্ভব নহয়। কাৰণ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে যদি কোনো চালক উক্ত স্থানত উপস্হিত থাকে তেনেহলে সেই চালকক উত্তেজিত জনতাই এৰি নিদিয়ে। পূৰ্বতে এনে বহু চালকক ৰাইজে জীবন্তে জ্বলাই দিয়াৰো উদাহৰণ আছে। সেইহে এই ক'লা আইন আমি কোনো কাৰণতে মানি ল'ব নোৱাৰো।

আনহাতে সোমবাৰৰ পৰা ৰাজ্যৰ আন স্থানৰ চালকসকলৰ লগতে তিনিদিন চকা বন্ধ কাৰ্যসূচী অব্যাহত ৰাখিছে। এই আইন অতি শ্ৰীঘ্ৰে উঠাই নল'লে পৰবৰ্তী সময়ত চৰকাৰৰ বিৰুদ্ধে ইয়াতকৈ জংগী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে চালক সন্থাৰ বিষয়ববীয়াসকলে। ইফালে বিশ্বনাথ লেহুগাওঁস্থিত বিশ্বনাথ চাৰিআলি ট্ৰাক চালক সন্থাই সংবাদ মেল শেষ হোৱাৰ পিছতে এই আইনৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে।