অসম

নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ বিৰোধিতাৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ,নামৰূপ : লোকসভাৰ সদনত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ভগৱন্ত খুবাই নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণৰ সন্দৰ্ভত এক প্ৰশ্ন অৱতাৰণা কৰিছিল। মন্ত্ৰীগৰাকীৰ এই প্ৰশ্নৰ উত্তৰত নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াৰ অধ্যক্ষতাত অনুষ্ঠিত গ্রুপ অব্ অফিচাৰ্ছৰ বৈঠকে ব্ৰহ্মপুত্ৰ ভেলি ফার্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেড বন্ধ কৰাৰ বাবে পৰামর্শ দিছে বুলি অৱগত কৰে।

ইয়াৰ পিচতে নামৰূপত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।  শনিবাৰৰ পৰা নিৰবিচ্ছিন্নভাৱে বিভিন্ন দল-সংগঠনে আন্দোলন প্ৰতিবাদেৰে নামৰূপৰ আকাশ-বতাহ মুখৰিত কৰি তুলিছে। 

এই প্ৰতিবাদৰ অংশ স্বৰূপে মঙলবাৰেও সাৰ উদ্যোগটোৰ মুখ্য প্ৰৱেশ দ্বাৰত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন সংগঠনৰ উপস্থিতিত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰা হয়। পুৱা ১০ বজাৰ পৰা অৱস্থান কৰা প্ৰতিবাদীসকলে হাতে-হাতে প্লে কাৰ্ডলৈ চৰকাৰ বিৰোধী শ্লোগানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

ইফালে নামৰূপৰ সকলো ব্যৱসায়ীয়ে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি আন্দোলনত অংশ গ্ৰহণ কৰে।  সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিতি থাকে।

প্ৰতিবাদথলীত আছুৰ সম্পাদকগৰাকীয়ে কয় যে, '২০০৬ চনত চতুৰ্থটো উৎপাদন গোট স্থাপন কৰাৰ ঘোষণা কৰাৰ পিছৰে পৰা আছুৱে নামৰূপবাসীৰ সহযোগত  নামৰূপ সাৰ কাৰখানা পুনৰুজীৱিতকৰণৰ বাবে নিৰবিচ্ছিন্নভাৱে আন্দোলন চলাই  গৈছে। কিন্তু ইয়াৰ সমান্তৰালকৈ প্ৰতিখন চৰকাৰে সময়ে সময়ে সাৰ কাৰখানা সন্দৰ্ভত বিভিন্ন টোপ দি ৰাইজক বিভ্ৰান্ত কৰি ৰাইজক প্ৰবঞ্ছনা কৰি আহিছে।'

লগতে তেওঁ কয় একাংশ আছুৱে মিছামিছি চিঞৰ-বাখৰ কৰি থাকে বুলিহে অপযশ   দিয়ে। এইবুলি নেতাগৰাকীয়ে অভিযোগ কৰি কয় যে  ২০২১ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়া নামৰূপ লৈ আহোতে আছুৰ কেন্দ্ৰীয় নেতৃত্বই নামৰূপত মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰোতে ৩ মাহৰ ভিতৰতে চতুৰ্থ গোট হৈ যাব বুলি  কথা দিছিল।

৩মাহ উকলি যোৱাত যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সহযোগত দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰা হৈছিল। সেই সময়ত গেছৰ দোহাই দি অন্য কাৰিকৰী অসুবিধাৰ কথা উল্লেখ কৰি আৰু কিছুদিন অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছিল।

অৱশেষত নিটি আয়োগৰ কথা কৈ উদ্যোগটো বন্ধ কৰাৰ ঘোষণা কৰিছে বুলি সম্পাদক বৰুৱাই ক্ষোভ উজাৰে। তেওঁ কয় 'ইয়াৰ প্ৰত্যুত্তৰত ডিব্ৰুগড়ৰ সাংসদগৰাকীয়ে  কৈছে নিটি আয়োগৰ পৰামৰ্শ  কেন্দ্ৰই নেমানিব পাৰে।

সাংসদগৰাকীয়ে জনা উচিত যে নিটী আয়োগৰ অধ্যক্ষ দেশৰ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত হোৱা  এখন সমিতিয়ে উদ্যোগটো বন্ধ কৰিব লাগে বুলি কোৱাৰ পিচতো  মিথ্যাচাৰৰ  আশ্ৰয় লৈ নামৰূপৰ সহজ-সৰল মানুহখিনিৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাচঞ্চলৰ ৰাইজক প্ৰবঞ্ছনা কৰিছে ডিব্ৰুগড়ৰ জন প্ৰতিনিধি কেইজনে।'  

আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, চৰকাৰে বাহিৰৰ পৰা আমদানি কৰা আৰু চৰকাৰৰ বহতিয়া সাৰ উদ্যোগ কেইটাৰ বজাৰখন বিস্তৃত কৰিবলৈ নামৰূপ সাৰ কাৰখানা বন্ধ কৰা হৈছে। তেওঁ ৰাইজক একগোট কৈ যুঁজিবলৈ আহ্বান জনাই কয়, এতিয়া চৰকাৰৰ চলহি কথাত ভোল নাযাবলৈ অনুৰোধ কৰে।

অসমৰ ৩টা  কাগজ কল চৰকাৰে বন্ধ কৰি দিয়াৰ কথা সোঁৱৰাই দি শংকৰ বৰুৱাই কয় 'সেই সময়তো চৰকাৰে কেতিয়াও কাগজ কল বন্ধ নোহোৱাৰ আশ্বাস দিছিল। কিন্তু আজি কাগজ কলৰ অৱস্থা চাওক । নামৰূপ সাৰ কাৰখানাৰ যদি এনে অৱস্থা হোৱাৰ পৰা ৰক্ষা কৰিব বিচাৰে, তেন্তে ৰাইজ একগোট হৈ ওলাই আহক' বুলি ৰাইজক আহ্বান জনায়। 

আনহাতে নামৰূপ সাৰ কাৰখানা বন্ধ হ'লে উদ্যোগটোৰ অন্তৰ্গত ৩খনকৈ বিদ্যালয়, চিকিৎসালয়,বজাৰ সকলো বন্ধ হৈ পৰিব বুলি  উল্লেখ কৰে। প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক টছেন ডেকা,কাৰ্যনিৰ্বাহক অনিল গগৈ, ডিব্ৰুগড় জিলাৰ সভাপতি বুল বুল দত্ত, সাধাৰণ সম্পাদক অৱনী গগৈ, নামৰূপ আঞ্চলিকৰ লগতে জিলাখনৰ সকলো আঞ্চলিকৰ সভাপতি, সম্পাদক, বিষয়-ববীয়া আৰু নামৰূপৰ সৰ্বসাধাৰণ ৰাইজ,ব্যৱসায়ী,উদ্যোগটোৰ তিনিওখন ইউনিয়নৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।