অসম

চিৰাঙত সমষ্টি পুুনৰ নিৰ্ধাৰণক লৈ ১৩ টা কৈ বড়ো জাতীয় দল সংগঠনৰ প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি চিৰাঙৰ কাজলগাঁৱত বড়ো জাতীয় দল সংগঠনৰ উত্তাল প্ৰতিবাদ । মঙলবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি চিৰাঙৰ কাজলগাঁৱত ১৩ টা কৈ বড়ো জাতীয় দল সংগঠনে তিনিঘন্টীয়া ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলে দুটা লোকসভা সমষ্টি গঠনৰ দাবীৰে সাৱ্যস্ত কৰে প্ৰতিবাদ । মাত্ৰ ছয় খন বিধানসভা সমষ্টি লৈ যদি পাৰ্বত্য জিলাত ডিফু লোকসভা সমষ্টি গঠন হ'ব পাৰে তেনে ক্ষেত্ৰত ষষ্ঠ অনুসূচী বিটিআৰ এলেকাত ১৫ টা কৈ বিধানসভা সমষ্টি থকাৰ পিছতো নিৰ্বাচন আয়োগে দুটা লোকসভা সমষ্টি গঠন নকৰাক কেন্দ্ৰ কৰি সাৱ্যস্ত কৰে প্ৰতিবাদ ।

২০০৩ চনত দেশৰ সংবিধান সংশোধনত বিটিচি শান্তি চুক্তিৰ জৰিয়তে ষষ্ঠ অনুসূচী এলেকাত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোকসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু ভৌগোলিক অধিকাৰ দিয়াৰ কথা উল্লেখ আছে । তেনে সময়ত দেশৰ সংবিধানৰ অনুচ্ছেদ ৩৩০ আৰু ৩৩২ একাষৰীয়া কৰি বড়োসকলৰ অধিকাৰৰ পৰা বঞ্চিত কৰি নিৰ্বাচন আয়োগে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকাক প্ৰকাশ কৰাক লৈ অসন্তোষ্টি প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীয়ে । আগন্তুক সময়ত বড়ো জনগোষ্ঠীয় লোকসকলে ন্যায় বিচাৰি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ।

এনেদৰেই আজি দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰি সমষ্টি পুনঃনিৰ্ধাৰণক লৈ চিৰাঙৰ কাজলগাঁৱত সদৌ বড়ো প্ৰাক্তন ভলণ্টিয়াৰ্চ ফোৰ্চ, সদৌ বড়ো জেষ্ঠ্য নাগৰিক মঞ্চ, বড়ো নেচনেল ষ্টুডেণ্টচ ইউনিয়ন চমুকৈ বনচু, বড়ো ৰাইটাৰ্চ একাডেমী আদি কৰি ১৩ টাকৈ বড়ো জাতীয় সংগঠনে উমৈহতীয়া ভাৱে তিনিঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে ।

ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক অমৰ সিং ব্ৰহ্মই কয় যে, "ভাৰতৰ সংবিধান অনুসৰি বিটিচিৰ ষষ্ঠ অনুসূচীত প্ৰশাসনিক এলেকা ভিত্তিত ওদালগুৰী লোকসভা সমষ্টি গঠন কৰি অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত কৰিব লাগে ।"

সংবিধানৰ অনুচ্ছেদ ৩৩০ অনুসৰি অসমৰ বিটিচি ষষ্ঠ অনুসূচিত এলেকাৰ ১৫ খন বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা আৰু সংবিধানৰ অনুচ্ছেদ ৩৩০ আৰু ৩৩২ অনুসৰি অসমৰ অধিসূচীত জনজাতীয় অঞ্চলত থকা বিধানসভা আৰু লোকসভা সমষ্টি সমূহ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে । আজিৰ প্ৰতিবাদত সদৌ বড়ো জেষ্ঠ্য নাগৰিক মঞ্চ, সদৌ বড়ো প্ৰাক্তন ভলণ্টিয়াৰ্চ ফোৰ্চ, বড়ো নেচনেল ষ্টুডেণ্টচ ইউনিয়ন বনচুৰ আহ্বানত ১৩ টাকৈ বড়ো জাতীয় সংগঠনৰ শতাধিক লোকে দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈকে তিনিঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে ।

আজিৰ এই ধৰ্ণা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে জনজাতি সুৰক্ষা মঞ্চৰ উপ-সভাপতি দাওৰেব দেখ্ৰেব মুছাহাৰী উপস্থিত থাকি ভাষণ প্ৰদান কৰে । ধৰ্ণা কাৰ্য্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে যুটীয়াভাৱে প্ৰস্তুত কৰা চাৰি দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ দেশৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰে ।