চৰাইদেউ শ্ৰীপুৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ... 
অসম

চৰাইদেউ শ্ৰীপুৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ চৰাইদেউঃ শনিবাৰে চৰাইদেউ জিলাৰ অসম- নাগালেণ্ড সীমান্তৱৰ্তী নিমনাগড় শ্ৰীপুৰ কৰুৱাবস্তিত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰি বন বিভাগৰ লোকক গতাই দিয়ে। জানিব পৰা মতে, সীমান্তৱৰ্তী অঞ্চলৰ পথৰ দাঁতিত হঠাৎ দহ ফুটতকৈ অধিক দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ এডাল প্ৰত্যক্ষ কৰে স্থানীয় একাংশ লোকে।

লগে লগে মথুৰাপুৰ আৰক্ষীক খবৰ দিয়া আৰক্ষী বিষয়া কৈল্যান গগৈ নেতৃত্বত দলটোৱে প্ৰকাণ্ড অজগৰডাল উদ্ধাৰ কৰে। তাৰ পিছত বিন বিভাগৰ লোক উপস্থিত হোৱাত অজগৰডাল বিভাগীয় লোকক গতাই দিয়ে।

জানিব পৰা মতে, অজগৰডাল দাতিকাষৰীয়া নাগালেণ্ডৰ চিংফাঙ বনাঞ্চলৰ পৰা অহা বুলি সন্দেহ কৰিছে ৰাইজে ৷পাছত বন বিভাগৰ লোকে অজগৰ ডাল অভয়পুৰ বনাঞ্চলত এৰি দিয়ে।