অসম

নুমলীগড়ত কুইজ ফ'ৰামৰ উদ্যোগত মুকলি কুইজ প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কুইজ ফ'ৰামৰ উদ্যোগত শনিবাৰে এখনি মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই।

প্ৰতিযোগিতাৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৌচুমী গগৈয়ে। কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষক সঞ্জীৱ কুমাৰ শৰ্মা আৰু আব্দুল দৈয়াং জামালে। কুইজ প্ৰতিযোগিতাত বোকাখাত উপ- জিলাৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাৰ শেষত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী সংগীতা শইকীয়া ৰাভা, উপ- সভাপতি দেৱব্ৰত বিশ্বাসকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিজয়ী ছাত্ৰ -ছাত্ৰী সকলক পুৰষ্কাৰ প্ৰদান কৰা হয়। অধ্যক্ষ মহেন শইকীয়াই বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক - শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ সদস্য - সদস্যা আৰু বিশিষ্ট ব্যক্তি সকলক শলাগৰ শৰাই আগবঢ়ায়।

তেখেতে লগতে কয় যে, আগন্তুক সময়তো বিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ লগতে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব। উক্ত প্ৰতিযোগিতা সমূহত সকলোৰে সঁহাৰি আৰু সহযোগিতা কামনা কৰে। প্ৰতিযোগীক কিতাপৰ টোপোলা প্ৰদান কৰা হয়।