অসম

৬ জনগোষ্ঠীয় ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰবৰ্তন

Asomiya Pratidin

ডিজিটেল সংবাদ, দুধনৈঃ ২৩ ফেব্ৰুৱাৰীৰ দিনটো ৰাভা জাতিৰ বাবে এক ঐতিহাসিক তথা গৌৰৱময় ক্ষণ ৷ ১৯৭৩ চনত হেৰাই যাব ধৰা ৰাভা জাতিৰ ভাষা সাহিত্যক পুনৰুদ্ধাৰৰ বাবে গঠন হৈছিল বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুম অৰ্থাৎ নিখিল ৰাভা সাহিত্য সভা৷ নিখিল ৰাভা সাহিত্য সভাই জন্ম লগ্নৰে পৰা বিদ্যালয় সমূহৰ প্ৰাথমিক পৰ্যায়ত ৰাভা ভাষাক মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ বাবে দাবী জনায় আহিছিল৷ এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই যোৱা ২৩ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ কেবিনেটে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাভা ভাষাৰ লগতে আন পাঁচটা জনগোষ্ঠীয় ভাষাক বিদ্যালয় সমুহৰ প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰবৰ্তন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷

চৰকাৰৰ এই সিদ্ধান্তত নিখিল ৰাভা সাহিত্য সভাৰ লগতে নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী উদাবী সমিতিৰ লগতে কেবাটাও ৰাভা জাতীয় সংগঠনে দেওবাৰে নিখিল ৰাভা সাহিত্য সভাৰ দুধনৈস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়৷ লগতে আগন্তুক শিক্ষা বৰ্ষৰ পৰাই ৰাভা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে কাৰ্যকৰী কৰিবৰ বাবে চৰকাৰক অনুৰোধ জনায় ।