অসম

ন্যায় বিচাৰি যোৱা অংকিতাত সাক্ষাৎ নকৰিলে ৰাহুল গান্ধীয়ে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীে আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাই মণিপুৰ, নাগালেণ্ড অতিক্ৰম কৰাৰ পাছত বৃহস্পতিবাৰে উপস্থিত হয় শিৱসাগৰ জিলাত। কংগ্ৰেছ নেতাগৰাকীৰ অসমত প্ৰৱেশৰ পাছতেই হালোৱাটিঙত জনোৱা হয় ব্যাপক আদৰণি।

তাৰপাছতে আমগুৰিত ৰাজহুৱা সভা সম্বোধন কৰে কংগ্ৰেছ নেতা গৰাকীয়ে। গান্ধীয়ে চলোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে আমগুৰিত ন্যায় বিচাৰিলে প্ৰাক্তন কংগ্ৰেছী অংকিতা দত্তই।

দলৰ শীৰ্ষ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল অংকিতা দত্তই। তেওঁ অভিযোগ কৰি কয় যে, ১০মাহ ধৰি বনবাস খটাৰ পাছতো নাপালে ন্যায়। সেয়ে ন্যায় আশা কৰিছিল ৰাহুল গান্ধীৰ পৰা।তেওঁ কয় যে, ন্যায় বিচৰাৰ পাছত মোক কংগ্ৰেছে নিলম্বন কৰিছিল। কিন্তু মই সদায় দলৰ হৈয়ে কাম কৰি গৈছো।

কিন্তু অংকিতা দত্তক সাক্ষাৎ নকৰিলে ৰাহুল গান্ধীয়ে। যাৰ বাবে আবেগিক হৈ পৰে অংকিতা দত্ত। কান্দোনত ভাগি পৰা অংকিতা দত্ত বাকৰুদ্ধ হৈ পৰে।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত কয় যে,- অংকিতা দত্তই মহাভুল কৰিছে। তেওঁ আমাৰ কথা নুশুনি মুখ্যমন্ত্ৰীৰ কথা শুনিছিল। এতিয়া তেওঁৰ গোচৰ উচ্চতম ন্যায়ালয়ত আছে। আনহাতে অংকিতা দত্তই এই সকলো কাম শাসকীয় পক্ষৰ প্ৰৰোচনাত কৰা বুলি অভিযোহ তোলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই।