সকাহ পালে ৰাহুলে... 
অসম

সকাহ পালে ৰাহুলে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শংকাৰ অন্ত পৰিল। লোকসভা নিৰ্বাচনৰ পূৰ্বে বহুখিনি যেন সকাহ পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হত্যাকাৰী বুলি আপত্তিজনক মন্তব্য কৰা গোচৰত জামিন পালে ৰাহুল গান্ধীয়ে। এক গোচৰৰ ভিত্তিত উত্তৰ প্ৰদেশ চুলতানপুৰৰ বিশেষ আদালতে এই জামিন প্ৰদান কৰে কংগ্ৰেছে নেতাগৰাকীক।

২০১৮ চনৰ ৪ আগষ্টত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল বিজেপি নেতা বিজয় মিশ্ৰই। উত্তৰ প্ৰদেশৰ ছুলতানপুৰত সাংসদ-বিধায়কৰ বাবে নিৰ্দিষ্ট আদালতত সেই গোচৰ শুনানি চলিছিল।

অভিযোগকাৰীৰ সেই সময়ত অভিযোগ আছিল, ‘‘ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী সম্পৰ্কে ‘আপমানজনক’ মন্তব্য কৰিছে। অমিত শ্বাহক ‘হত্যাকাৰী’ বুলি অভিযোগ তুলি ৰাহুল গান্ধীয়ে আক্ৰমণ কৰিছে, যিটো একেবাৰেই উচিত নহয়।