জামুগুৰিহাটৰ গেদেৰিযান শ্ৰী শংকৰদেৱৰ প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ পালন 
অসম

জামুগুৰিহাটৰ গেদেৰিযান শ্ৰী শংকৰদেৱৰ প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ পালন

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ গেদেৰিযানত নদুৱাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ৰঙাচকুৱা মণ্ডল সমল কেন্দ্ৰৰ সমূহ বিদ্যালয়ৰ সহযোগত শ্ৰীশংকৰদেৱে প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ পালন কৰা হয় । এই উৎসৱৰ লগত সংগতি ৰাখি পুৱাই বাৰেবৰনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

৯ খন বিদ্যালয়ৰ সহযোগত ৰাইজৰ উৎসৱ পালন কৰাৰ উপৰিও এখন সভা অনুষ্ঠিত কৰা হয়। সভাখনৰ আঁত ধৰে শ্ৰীশংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক টিকাৰাম নেৱাৰে।

সভাখনত উপস্থিত থাকে জিলা আঁচনি বিষয়া কৃষ্ণ কান্ত ডেকা, ন‌দুৱাৰ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া পিটাৰ চৌধুৰী আৰু ৰঙাচকুৱা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হীৰেণ নাথ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কবিতা আবৃতি আৰু গীত, নৃত্য আদি পৰিবেশন কৰি অনুষ্ঠানটিত জীপাল কৰি তোলে।