অসম

'কি হ'ব বিজেপিৰ ভৱিষ্যত', পদত্যাগ কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বেয়া দিন চলিছে ৰাজ্যিক বিজেপিৰ। এটাৰ পাছত আন এটা ধুমুহাই জোকাৰি হৈছে বিজেপিৰ ভিতৰচ'ৰা। বিৰোধীৰ স্থিতিক লৈ তাচ্ছিল্য কৰা বিজেপি শিবিৰেই এতিয়া দুৰ্বল অৱস্থাত আছে।

এইসকলো বোৰৰ মাজতে পদত্যাগ কৰিব এসময়ৰ শক্তিশালী বিজেপি নেতা ৰাজেন গোহাঁইয়ে। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ পত্ৰ দাখিল কৰিব গোহাঁইয়ে। কেবিনেটৰ দায়িত্ব এৰাৰ সিদ্ধান্ত লৈছে তেওঁ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গোহাঁইয়ে কয় যে, আজি গুৱাহাটীলৈ আহি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ পত্ৰ দাখিল কৰিব। বিজেপিত সংঘাত নাই বুলি মন্তব্য কৰি তেওঁ কয় যে, আজিৰ পৰা মই অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদ এৰিম। ইয়াৰ লগে লগে মোৰ কেবিনেট মৰ্যদাও নোহোৱা হ'ব।

কিয় পদত্যাগ কৰিব বুলি কৰা প্ৰশ্নত তেওঁ কয় যে, মই প্ৰতিটো কথাৰে উত্তৰ দিম। মুখ্যমন্ত্ৰীক পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত বিশ্লেষণ কৰি সকলো কথা কম। নগাঁও লোকসভা সমষ্টিটো কিহৰ বাবে আজি উচৰ্গা কৰা হ'ল সেই প্ৰশ্নই মোক খুন্দিয়াইছে। ইয়াৰ উত্তৰ বিচাৰিম। মই চিন্তিত যে বিজেপিৰ ভৱিষ্যত কি হ'ব? অসমৰ ৰাইজৰ ভৱিষ্যত কি হ'ব?

তেওঁৰ পদত্যাগৰ কাৰণ ন-পুৰণি বিজেপিৰ সংঘাত নহয় বুলি উল্লেখ কৰি কয় যে, ইয়াৰ বেলেগ কাৰণ আছে। পাছত সকলো কম। পদত্যাগ সিদ্ধান্ত কেতিয়াও সলনি নহয়।

ইয়াৰ লগতে তেওঁ কয় যে, মই কেতিয়াও দল ত্য়াগ নকৰো, কেৱল পদবীহে এৰিম। দলটোত বহু কিবা কিবি জড়িত হৈ আছে । এইটো নিজ হাতেৰে তৈয়াৰ কৰা দল। দলটোৰ বাবে নিষ্ঠাসহকাৰে কাম কৰি গৈ আছো আৰু কৰি যাম।

উল্লেখ্য যে, কেইবাদিনো ধৰি ন- পুৰণি বিজেপিৰ মাজত চলি থকা সংঘাতৰ অৱশেষত বহিপ্ৰকাশ ঘটিছে। কিছুদিন পূৰ্বে ন বিজেপি নেতাৰ প্ৰতি ক্ষোভ উজাৰিছিল প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। পদত্যাগৰ পাছত এইবাৰ ৰাজেন গোহাঁইয়ে কি বিস্ফোৰণ ঘটাই সেয়া লক্ষণীয় হ'ব। কিন্তু এটা কথাও নিশ্চিত যে বিৰোধীবিহীন বিজেপিৰ এতিয়া খহি পৰো পৰো অৱস্থা।