অসম

প্ৰতিভাসম্পন্ন অভিনেতা ৰাজীৱ ৰাজনীশৰ অকাল বিয়োগ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমীয়া ছবিজগতৰ বাবে এটা বেয়া খবৰ। প্ৰতিভাসম্পন্ন সুদৰ্শন অভিনেতা ৰাজীৱ ৰাজনীশৰ অকাল বিয়োগৰ খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে। এক দুৰ্ঘটনাতপতিত চিকিতসাধীন হৈ থকা অভিনেতাগৰাকী মঙলবাৰে মৃত্যু হয় বুলি সদৰি কৰিছে পৰিয়ালৰ লোকে।

উল্লেখ কৰা প্ৰয়োজন যে, বহুকেইখন অসমীয়া ছবি আৰু ধাৰাবাহিকত দুৰ্দান্ত অভিনয়েৰে এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল প্ৰয়াত অভিনেতাগৰাকী। অতি শেহতীয়াকৈ ৰাজীৱ ৰাজনীশক যতীন বৰাৰ ছবি ৰাঘৱতো অভিনয় কৰিছিল।

প্ৰতিভাসম্পন্ন অভিনেতাগৰাকীৰ মৃত্যুত ইতিমধ্যে শোকৰ ছা পৰিছে অসমীয়া ছবিজগতত। যতীন বৰা, ৰবি শৰ্মাকে ধৰি বহুকেইগৰাকী অভিনেতাই প্ৰয়াত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই দুখ প্ৰকাশ কৰিছে। ৰাজীৱ ৰাজনীশৰ ঘৰ নগাও জিলাত।