অসম

চৰকাৰী ধন আত্মসাৎ! পদৰ পৰা অব্যাহতি ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষক

Asomiya Pratidin

ডিজিটেল সংবাদ, হাজোঃ দুখীয়া ছাত্ৰ-ছাত্ৰী আৰু চৰকাৰী ধন আত্মসাৎ কৰি অধ্যক্ষৰ চকী হেৰুৱালে ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষ আচিত কুমাৰপালে। লোভেই পাপ ,পাপেই মৃত্যু- এই বাক্যশাৰী যেন প্ৰযোজ্য হল এই গৰাকী স্বয়ম্ভূ অধ্যক্ষ ক্ষেত্ৰত।

তীৰ্থনগৰী হাজোৰ উচ্চ শিক্ষাৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল আচিত কুমাৰ পাল। অভিযোগ অনুসৰি মহাবিদ্যালয় খনত বিগত দিনত ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীয়ে সংঘটিত কৰি আহিছিল বৃহৎ বিত্তীয় কেলেংকাৰি ।

মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰৰ এটা দলে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই দুৰ্নীতিৰ বিষয়ে তথ্য আহৰণ কৰি অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ত অভিযোগ দাখিল কৰিছিল।

এই অভিযোগৰ ভিত্তিত উচ্চ শিক্ষা সঞ্চালকালয়ৰ এটা দলে‌ তদন্ত চলাই অধ্যক্ষ পালক DDO পদৰ পৰা‌ অপসাৰণ কৰাৰ লগতে অধ্যক্ষ পদৰ পৰাও অব্যাহতি দিয়ে।

অভিযোগ অনুসৰি প্ৰতিবছৰে APL ছাত্ৰ-ছাত্ৰীক BPL নামভৰ্তি দেখুৱাই চৰকাৰী ধন লুণ্ঠন, মহাবিদ্যালয় খনৰ গৃহ নিৰ্মাণত অধ্যক্ষৰ নামত একাউণ্ট খুলি ধনৰ অপব্যৱহাৰ কৰা আদি অভিযোগ উত্থাপন হৈছিল প্ৰাক্তন অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে।

উচ্চ শিক্ষা সঞ্চালকালয়ে ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীক অপসাৰণ কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে মহাবিদ্যালয়খন জ্যেষ্ঠ অধ্যপিকা ডঃ মিনা কুমাৰী দাসক নতুন অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিছে।