অসম

আভ্যন্তৰীণ কন্দলে জোকাৰিছে বিজেপিক! শীৰ্ষ নেতৃত্বৰ কাষত এজনৰ পাছত আনজন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আভ্যন্তৰীণ কন্দলে জোকাৰিছে বিজেপিক। ২০২৪ৰ প্রাকক্ষণত একপ্রকাৰ তুংগত উঠিছে ন আৰু পুৰণি বিজেপিৰ সংঘাত। এই সংঘাত স্পষ্ট ৰূপত দেখা গৈছে দলটোত।

এজনৰ পাছত আন এজন পুৰণি বিজেপি নেতাৰ সৈতে বৈঠকত মিলিত হৈছে দলটোত শীৰ্ষ নেতৃত্ব। বিজেপিৰ মাজৰ এই যুঁজখন দিল্লীৰ পৰা ৰোধ কৰাৰ চেষ্টা কৰা হৈছে যদিও সফল হোৱা নাই।

প্রস্তাৱিত খচৰা অনুসৰি দৰং লোকসভা সমষ্টিক লৈ আৰম্ভ হৈছে সাংসদ দিলীপ শইকীয়া আৰু প্রাক্তন সাংসদ ৰমেন ডেকাৰ শীতল যুঁজ।ইয়াৰ মাজতে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ কাষ পাইছে ৰমেন ডেকা।

নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রীক সাক্ষাৎ‍ কৰে ৰমেন ডেকাই। গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ‍ কৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে, অমিত শ্বাহ ডাঙৰীয়াক মই মোৰ মনৰ কথাখিনি জনালো। মই এইবাৰ লোকসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বিচাৰো।

বিজেপি সাগৰ সদৃশ এক দল, ইয়াত সংঘাত থাকিলে দলীয় নেতৃত্বই ঠিক কৰিব।চাকৰিৰ অনিয়ম সন্দৰ্ভত তেওঁ কয় যে, চাকৰিৰ ক্ষেত্রত কোনো অনিয়ম হোৱা নাই। যিসকলৰ নাম ওলাইছে, দলে ব্যৱস্থা গ্রহণ কৰিব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ লগত বৈঠকত মিলিত হৈছিল প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰাজেন গোহাঁইয়ে। জ্যেষ্ঠ নেতাগৰাকীয়ে পদত্যাগ কৰাৰ পাছতে শ্বাহক সাক্ষাৎ‍ কৰিছিল।

ইয়াৰোপৰি ৰাজ্যিক বিজেপিৰ দুই প্রাক্তন সভাপতি সিদ্ধার্থ ভট্টাচার্য-ৰাজেন গোহাঁইৰ উপৰি প্ৰাক্তন ৰাজ্যিক উপ-সভাপতি মনোজৰাম ফুকন, নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আদিয়ে বিজেপি চৰকাৰ আৰু ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰিছে।

যাৰ বাবে চিন্তিত হৈ পৰিছে দিল্লীৰ নেতৃত্ব। ইয়াৰ মাজতে আহি গুৱাহাটীত সংগোপনে কেইবাগৰাকী বিজেপিৰ নেতাৰ সৈতে বৈঠকৰ মিলিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ নিৰ্বাচনৰ দলীয় পর্যবেক্ষক বৈজয়ন্ত পাণ্ডা। গতিকে ৰাজ্যিক বিজেপিৰ এই অন্তৰ্কন্দলৰ জুই নুমুৱাবৰ বাবে দিল্লী নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।