অসম

ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ডঃ জুইত জাঁহ গ'ল নবোৱাৰীৰ অলংকাৰ, সমস্ত ফাৰ্ণিচাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত কালি নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডত ঘৰখনত থকা ন-বোৱাৰীৰ সোণৰ আ-অলংকাৰ, সমস্ত ফাৰ্নিচাৰ জুইত জাঁহ যায় ।

উল্লেখ্য যে ৰঙিয়াৰ পূব সাহানৰ নিৱাসী চাহনুৰ আলীৰ গৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ।

তদুপৰি অগ্নিকাণ্ডটিত লক্ষাধিক টকাৰ সা -সম্পত্তি ভস্মীভূত হয় । ইফালে এই অগ্নিকাণ্ডৰ পিছতেই স্থানীয় ৰাইজে ততালিকে ৰঙিয়া অগ্নিৰ্নিবাপক বাহিনীক খবৰ দিয়ে আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে উপস্থিত হৈ জুইৰ লেলীহান শিখা নুমুৱাবলৈ সক্ষম হয় ।