অসম

ৰঙিয়াত পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগণনা

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়াঃ লোকসভা নিৰ্বাচনৰ বহু প্ৰত্যাশিত ভোট গণনালৈ মাজত মাত্ৰ এটা দিন বাকী। তেনেস্থলত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ভোট গণনা সন্দৰ্ভত দেওবাৰে জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি দেৱাশিষ গোস্বামীয়ে সংবাদমেল সম্বোধন কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি মহকুমাধিপতি গৰাকীয়ে ভোট গণনাৰ দিনা পুৱা ৮ বজাৰ পৰা ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত কমলপুৰ আৰু ৰঙিয়া সমষ্টিৰ ভোট গণনা কৰা হ'ব বুলি সদৰী কৰে ।

ইতিমধ্যে নিৰাপত্তাৰ ক্ষেত্ৰত সম্পূৰ্ণ কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো সা-সামগ্ৰী উপলব্ধ কৰি ৰখা হৈছে বুলিও উল্লেখ কৰে । ভোটগ্ৰহণ কেন্দ্ৰত চিচি টিভিৰো ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে ৰঙিয়া সমষ্টিৰ ১৮ টা ৰাউণ্ড আৰু কমলপুৰ সমষ্টিৰ ১৬ টা ৰাউণ্ডত ভোট গণনা সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে ।

আনহাতে নিৰ্বাচনী পৰ্যবেক্ষক কে ভেংকায়া ৰেড্ডী আজি ৰঙিয়াত উপস্থিত হ'ব বুলি সংবাদমেলৰ জৰিয়তে জনাই মহকুমাধিপতি গৰাকীয়ে। আজিৰ এই সংবাদমেল সম্বোধনৰ সময়ত মহকুমাধিপতি দেৱাশীষ গোস্বামীৰ সৈতে নিৰ্বাচনী বিষয়া নীলহৰিৎ কৌশিক আৰু মহকুমা জনসংযোগ বিষয়া হিমাদ্ৰী চুতীয়া উপস্থিত থাকে।