অসম

ৰঙিয়া মহাবিদ্যালয়ত আৱৰ্জনা ব্যৱস্থাপনা বিষয়ক কৰ্মশালা...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়া মহাবিদ্যালয়ত অসম বিজ্ঞান প্রযুক্তি আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত পৰিৱেশ আৰু জলবায়ু কোষ, ইকো ক্লাব আৰু আইকিউএচি ৰঙিয়া মহাবিদ্যালয়, ৰঙিয়া সংযোগত ২২ মে'ত এদিনীয়া "কঠিন/ গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত বহনক্ষম জীৱনশৈলী কৰ্মশালা" আয়োজন কৰা হয়। এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ পৰিৱেশ আৰু জলবায়ু পৰিবর্তন মন্ত্রণালয়ে সহযোগ কৰে।

কৰ্মশালাখন "পৰিৱেশ শিক্ষা কাৰ্যসূচী'ৰ অধীনত গ্ৰহণ কৰা এক পদক্ষেপ আছিল। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড০ হেমেন্দ্র শৰ্মা আইকিউএচিৰ সমন্বয়ক ড০ হৃষিকেশ চৌধুৰীয়ে উদ্বোধন কৰা বৃক্ষৰোপণৰ জৰিয়তে কাৰ্যসূচী আৰম্ভ হয়। ড০ হেমেন্দ্র শৰ্মাই উদ্বোধনী ভাষণ প্রদান কৰে। ড০ শৰ্মাই কঠিন আৱৰ্জনাসমূহৰ সঠিক নিষ্কাশন, পুনঃ ব্যৱহাৰ আৰু পুনৰ ব্যৱহাৰৰ গুৰুত্ব ওপৰত আৰোপ কৰে।

উদ্বোধনী অধিৱেশনত পৰিৱেশ আৰু জলবায়ু কোষৰ সমন্বয়ক ড০ নৱজিৎ বৰ্মন উপস্থিত থাকে। এই কাৰ্যসূচীৰ আঁত ধৰে পৰিৱেশ আৰু জলবায়ু কোষৰ সদস্য ড০ পৰীস্মিতা শৰ্মাই। কৰ্মশালাখনত গুৱাহাটীৰ হাতীগাৱঁত অৱস্থিত সুপ্রতিষ্ঠিত অলাভজনক সংস্থা ENVIRONৰ পৰিৱেশ আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনা বিজ্ঞানী , প্রতিষ্ঠাপক আৰু মুখ্য কাৰ্যকৰী ড০ অমৰ জ্যোতি কাশ্যপ, কৰ্মশালালৈ সম্পদ ব্যক্তি হিচাপে আমন্ত্রণ জানোৱা হৈছিল।

উল্লেখ্যযোগ্য যে বিখ্যাত "ৱেষ্ট এচএচিমিলেটৰ'ৰ বাবে ড০ কাশ্যপক পেটেন্ট প্রদান কৰা হৈছে। ড০ কাশ্যপে কঠিন /গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ বহু গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছে। তেওঁ কঠিন আৱৰ্জনা জমা হোৱাৰ বিপদজনক পাৰ্শ্বক্রিয়াৰ বিষয়ে আলোকপাত কৰে। কঠিন আৱৰ্জনা জমা হোৱাটোৱে জৈৱ বৈচিত্র্যৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে। ইহঁতে বহুতো ভেক্টৰ বৰ্ণ ৰোগ সৃষ্টি কৰে বুলি তেওঁ মন্তব্য কৰে।

তেওঁ পুনঃ ব্যৱহাৰযোগ্য সামগ্রীৰ ব্যৱহাৰক উৎসাহিত কৰে। তেওঁ কঠিন আৱৰ্জনা জ্বলোৱা বন্ধ কৰিবলৈ আহ্বান জনাই বহুতো ক্ষতিকাৰক গেছ নিৰ্গত হয় ইয়াৰে কিছুমান শক্তিশালী কাৰ্চিনোজেন। ৰাসায়নিক সাৰ সলনি ভাৰ্মিকম্পোষ্ট আৰু ভাৰ্মিৱাছ আদি জৈৱ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰাৰ লগতে আৰু লগতে জৈৱ কীটনাশক , ভাৰ্মিৱাছৰ সাৰ হোৱাৰ উপৰিও এই গুণৰ অধিকাৰী , জৈৱ কীটনাশৰ ওপৰত অধিক নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে পছন্দ কৰে কাৰণ ৰাসায়নিক সাৰ আৰু কীটনাশকে ভূমি প্রদান কৰে ।

তেওঁ জৈৱিক কৃষিৰ উপকাৰিতাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে ইয়াত উল্লেখ কৰা ভাল পদ্ধতিসমূহ নিজৰ দৈনন্দিন জীৱনত কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিলেহে কৰ্মশালাখনে আকাংক্ষিত সুবিধা লাভ কৰিব।