অসম

'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ বাতৰিৰ প্ৰভাৱঃ ৰঙিয়াৰ যোগেশ্বৰ বিদ্যাপীঠৰ শিক্ষাৰ্থীয়ে লাভ কৰিলে ইউনিফৰ্ম...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়া মহকুমাৰ অন্তৰ্গত জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকলক ইউনিৰ্ফম নিদিয়া আৰু বিদ্যালয়ৰ কেইবা লাখ টকাৰ সম্পত্তি নীতি বহিৰ্ভূত ভাবে বিক্ৰী কৰি পোৱা ধনৰ উচিত খতিয়ান নেদেখুৱাক লৈ লৈ অভিযোগ উত্থাপন কৰে একাংশ অভিভাৱকে ৷

লগতে কয় উক্ত বিষয়টোৰ সন্দৰ্ভত বাতৰি কাকতত বাতৰি প্ৰকাশ পোৱাৰ পাছত খৰ খেদাকৈ কেইজন মান ছাত্ৰ-ছাত্ৰীক ইউনিৰ্ফম দিয়ে যদিও দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক দিয়া নহল , কাৰণ তেওলোকক হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৩ বৰ্ষত দিয়া দেখুৱাই ইচ্ছাকৃত ভাবে নিদিলে ইউনিৰ্ফম নিদিলে লগতে ২০২২ বৰ্ষত ৬ষ্ঠ , ৭ম আৰু ৮ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলকো নিদিলে যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান ৮ম, ৯ম, আৰু দশম শ্ৰেণীত পঢ়ি আছে ৷

এই ক্ষেত্ৰত বিদ্যালয়সমূহৰ পৰিদৰ্শক জনৰ নিৰব ভূমিকাকো দোষাৰোপ কৰে ৷ লগতে উল্লেখ কৰে নীতি বহিৰ্ভূত ভাবে বিদ্যালয়ৰ সম্পত্তি বিক্ৰী কৰাৰ বিষয়ক লৈ তথ্যজনা অধিকাৰৰ ভিত্তিত আবেদন জনোৱা হয় যদিও সদোত্তৰ নোলাল আৰু বিভাগীয় কৰ্তৃপক্ষও নিৰৱ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।