অসম

ৰঙিয়াত ৩০হাজাৰ পৰিয়াললৈ ৰেচন কাৰ্ড বিতৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়াত ৰবিবাৰে পৌৰ সভা আৰু গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত হিতাধিকাৰী পৰিয়াললৈ ৰেচন কাৰ্ড বিতৰণ কৰে । ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত হিন্দী হাইস্কুল খেল পথাৰ প্ৰাংগনত দিনৰ ১২:৩০ বজাত অনুষ্ঠিত হোৱা বিতৰণ অনুষ্ঠানত বন আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে উপস্থিত থাকে ।

ৰেচন কাৰ্ড বিতৰণ কৰি মন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন সাৰ্থক প্ৰচেষ্টা লৈ সমাজৰ আৰ্থিক দূৰৱস্থা আৰু মাহেকীয়া মজুৰি কম হোৱা সকলো পৰিয়ালৰ বাবে ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ তৰফৰ পৰা এই ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী সিদ্ধান্তই সাকাৰ ৰূপ পালে ।

আজিৰ এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত ৰঙিয়া মহকুমাৰ লগতে ডিমু কনিহা, কমলপুৰৰ ৩০ হাজাৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড প্ৰদান কৰা হয় । আনহাতে এই অনুষ্ঠানত স্থানীয় বিধায়ক ভৱেশ কলিতা, মহকুমাধিপতি দিপন বৰ্মন, পৌৰপতি অমৰেন্দ্ৰ লহকৰকে ধৰি মহকুমা যোগান বিভাগৰ কৰ্মচাৰী, মহকুমা প্ৰশাসনৰ কেইবাগৰাকীও লোক, বিজেপিৰ কৰ্মী উপস্থিত থাকে ।