অসম

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আনন্দ প্ৰকাশ

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজিৰ দিনটো অসম তথা অসমবাসীৰ বাবে চিৰস্মৰণীয় দিন হৈ ৰ’ব। অসমৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি থাকিব আজিৰ এই মাহেন্দ্ৰ ক্ষণৰ সবিশেষ। দিল্লীৰ পৰা আহিল এই ভাল খবৰ।

অসমবাসীৰ দীৰ্ঘদিনীয়া প্ৰত্যাশাত ছীল মোহৰ মাৰি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। অকল অসমীয়া ভাষাই নহয়, দেশৰ ৫টা ভাষাক কেন্দ্ৰীয় কেবিনেটে ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰে। ভাষাকেইটা হৈছে- অসমীয়া, মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষা।

আজিৰ এই খবৰে ৰাজ্যৰ সকলো স্তৰৰ লোকক আনন্দিত কৰিছে। আজিৰ এই ক্ষণৰ আনন্দৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমযোগে কয় যে- "প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ ! শ শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ স্বকীয় অসমীয়া ভাষালৈ আজিৰ কেন্দ্ৰীয় কেবিনেটত ধ্ৰুপদী ভাষা (Classical Language)ৰ মৰ্যাদা প্ৰদানত অনুমোদন।

ইয়াৰ পূৰ্বে ভাৰতত মুঠ ছয়টা ভাষাকহে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল। এই শাৰীত ধ্ৰুপদী ভাষা হিচাপে নতুনকৈ সংযোজিত হ'ল অসমীয়া ভাষা। এয়া সঁচাকৈয়ে এক আনন্দৰ বতৰা, এক দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত। চিৰ চেনেহী ভাষা জননীৰ এই মৰ্যাদাপ্ৰাপ্তিৰ যাত্ৰাত উল্লেখযোগ্য অৰিহণা যোগোৱা প্ৰতিগৰাকী ব্যক্তিকেই ধন্যবাদ জনাইছোঁ।

আজিৰ এই ঐতিহাসিক পদক্ষেপৰ বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে সৰ্বানন্দ সোণোৱালে। লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁলোকৰ সক্ৰিয় ভূমিকাৰ বাবে ধন্যবাদ জনায়।

ইফালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ ভূমিকাৰো শলাগ লয়। উল্লেখযোগ্য যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবলৈ হ'লে এটা ভাষাৰ ইতিহাস ১৫০০-২০০০ বছৰৰ দৰে অতি পুৰণি আৰু মৌলিকতাৰে পূৰ্ণ তথা প্ৰাচীন সাহিত্যৰ লিপিবদ্ধ প্ৰমাণ থাকিব লাগে। এইক্ষেত্ৰত অসমীয়া ভাষাই প্ৰয়োজনীয় নীতি-নিয়ম পূৰণ কৰিছে।

চৰকাৰে ধ্ৰুপদী ভাষাসমূহৰ প্ৰচাৰ-প্ৰসাৰ আৰু সুৰক্ষা-সংৰক্ষণৰ বাবে বিশেষ সহযোগিতা আগবঢ়ায়। তদুপৰি গৱেষণাৰ বাবে পুঁজি যোগান, উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন, কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত সংশ্লিষ্ট ভাষাৰ বাবে বিশেষ চকীৰ সূচনা, ধ্ৰুপদী ভাৰতীয় ভাষাৰ সাহিত্যিকৰ বাবে বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা ইত্যাদি কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈ আহিছে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ ফলত বিভিন্ন সংস্থাপনৰ পথো প্ৰশস্ত হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে।

লগতে তেঁও কয়- আইৰ মুখৰ ভাষা - অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ, সুৰক্ষাৰ বাবে আমি অনাগত দিনবোৰতো ন উদ্যমেৰে কাম কৰি যোৱাৰ সংকল্প লওঁ আহক।