অসম

বোকাজানত গণৰাজ্য দিৱস পালন

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাজানঃ সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে পাৰ্বত্য জিলা কাৰ্বি আংলংৰ বোকাজানতো মহকুমা প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উলহ মালহেৰে পালন কৰা হয় ৷ বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত কেবাশতাধিক লোকৰ উপস্থিতিত বোকাজান মহকুমাৰ সহকাৰী আয়ুক্ত দেৱাহুতি বৰাই ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি বৰ্তমানৰ চৰকাৰে লোৱা উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে ৷

ৰাষ্ট্ৰীয় পতাকা উন্মোচনৰ প্ৰাক মূহুৰ্তত সহকাৰী আয়ুক্ত গৰাকীয়ে দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাৰ্চ-পাৰ্চ দল সমূহ নিৰীক্ষণ কৰে ৷ বিভিন্ন অৰ্দ্ধসামৰিক আৰু আৰক্ষী বাহিনীৰ লগতে কেবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা মাৰ্চ-পাৰ্চৰ অভিবাদন গ্ৰহণ কৰে সহকাৰী আয়ুক্ত গৰাকীয়ে ৷ অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীৰ কলা সংস্কৃতিও পৰিৱেশন কৰা হয় ৷