অসম

মুছলপুৰত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সাঃ সমগ্ৰ দেশৰ লগতে বাক্সা জিলাৰ মুছলপুৰৰ বাথৌফুৰীত জিলা প্ৰশাসনৰ উদ্যোগত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে৷ বাক্সা জিলাৰ মুছলপুৰৰ ওপৰৰ বাথৌফুৰিস্থিত ক্ৰীড়া প্ৰকল্প চৌহদত অসম আৰক্ষী, বেটেলিয়ন জোৱান, এন চি চি ,বহুকেইখন বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পুৱা-গধূলি কুচকাৱাজৰ অনুশীলন চলোৱা পৰিলক্ষিত হৈছে ৷

পুৱা-গধূলি ১৯ টা‌ দলে চলাইছে পেৰেডৰ অনুশীলন । বাক্সা জিলা আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই পৰ্যবেক্ষণ কৰিছে পেৰেড গ্ৰাউণ্ড । লগতে তেওঁ নিৰাপত্তাৰ দিশটোত বাক্সা আৰক্ষী সষ্টম বুলিও মন্তব্য কৰে ।